October 11, 2012 | By: গীতাৰ্থ বৰদলৈ

এইড্‌ছৰ পৰা আৰোগ্য লাভ কৰা মানুহজন

কোৱা হয় এইড্‌‍ছ (AIDS) দুৰাৰোগ্য। ১৯৮৪ চনত Human immunodeficiency virus (HIV)ৰ ফলত হোৱা এইড্‌ছ ৰোগ প্ৰথমবাৰ ধৰা পৰে। ১৯৮৭ চনত ইয়াৰ বিৰুদ্ধে প্ৰথম ঔষধ AZT বা Zidovudineৰ প্ৰচলন হয়। দুবিধ দৰৱেৰে চিকিৎ‍সা ১৯৯৪ চনত আৰু আজি প্ৰচলিত এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎ‍সা ১৯৯৬ চনত আৰম্ভ হয়। প্ৰচলিত চিকিৎসা ব্যৱস্থাৰে অৱধাৰিত মৃত্যুক অলপ পৰ ৰখাইহে থ’ব পাৰি, সম্পূৰ্ণ বাধা দিব নোৱাৰি। এইড্‌ছৰ বিৰুদ্ধে কাৰ্যক্ষম প্ৰতিষেধকো আৱিষ্কাৰ হোৱা নাই। কিন্তু এনেহেন ৰোগত আক্ৰান্ত এজন মানুহ আৰোগ্য হৈ পৰা বুলি ক’লে বিশ্বাস হ’বনে? কিন্তু ২০০৭ চনত জাৰ্মানীৰ টিমথী ৰে’ ব্ৰাউন (Timothy Ray Brown) বোলা মানুহজনৰ ক্ষেত্ৰত এই আচৰিত ঘটনাটো সম্ভৱ হৈ পৰা দেখা গ’ল।


এজন বিশেষ ৰোগী

৪৫ বছৰীয়া বাৰ্লিন নিবাসী এইড্‌ছ ৰোগী টিমথীয়ে আন এইড্‌ছ ৰোগীসকলৰ দৰেই এণ্টিৰেট্ৰ’ভাইৰেল ঔষধেৰে চিকিৎ‍সা গ্ৰহণ কৰি আছিল। ভূতৰ ওপৰত দানহ পৰাদি সেই সময়ত তেওঁৰ তেজত একিউট মায়েলইড লিউকেমিয়া (শ্বেত ৰক্ত কণিকা বাঢ়ি যোৱা তেজৰ এবিধ কৰ্কট) ৰোগো ধৰা পৰিল। জীয়াই থকাৰ এধানিমান সুযোগ পোৱাৰ আশাত তেওঁ চিকিৎসক-বিজ্ঞানীসকলৰ হাতত নিজকে সঁপি দিলে। লিউকেমিয়া দূৰ কৰিবলৈ চিকিৎ‍সকসকলে প্ৰথমে তেজষ্ক্ৰিয় বিকিৰণ আৰু শক্তিশালী কিম’থেৰাপীৰে তেওঁৰ দেহৰ সকলো শ্বেত ৰক্ত কণিকা ধ্বংস কৰি পেলালে। এই প্ৰক্ৰিয়াটোৱেই আছিল অতি মাৰাত্মক, কাৰণ শ্বেত ৰক্ত কণিকাই আমাৰ দেহৰ প্ৰতিৰক্ষী ক্ষমতা গঢ়ি তোলে আৰু ৰোগ সৃষ্টিকাৰী ভাইৰাছ-বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। তাৰ পিছত চিকিৎসকসকলে টিমথীৰ দেহত নতুনকৈ ৰক্ত কণিকা সৃষ্টি হ’বলৈ আৰু প্ৰতিৰোধী ক্ষমতা ঘূৰাই পাবলৈ হাড় মজ্জা সংস্থাপন কৰে। এই হাড় মজ্জাৰ দাতাজনো আকৌ সাধাৰণ নাছিল। তেওঁৰ এনে এটা বিৰল জিনীয় মিউটেছন আছিল যি
HIV বীজাণুৱে শ্বেত ৰক্ত কণিকা আক্ৰান্ত কৰাত বাধা দিয়ে। হাড় মজ্জাৰ সফল সংস্থাপনৰ পিছত টিমথী কিছু পৰিমাণে লিউকেমিয়াৰ লগতে এইড্‌ছ মুক্ত হৈ পৰিল! যোৱা পাঁচ বছৰ ধৰি তেওঁ কোনো এণ্টিৰেট্ৰ’ভাইৰেল ঔষধ গ্ৰহণ কৰা নাই, তথাপিও তেওঁৰ দেহত ভাইৰাছবিধ ধৰা পৰা নাইটিমথীৰ কাহিনী প্ৰচাৰ হোৱাৰ লগে লগে তেওঁ জনাজাত হৈ পৰিল “বাৰ্লিন ৰোগী” নামৰে। কিন্তু পৃথিৱীৰ আন ত্ৰিশ নিযুত এইড্‌‍ছ ৰোগী এনে চিকিৎসাৰ পৰা লাভান্বিত হ’বনে? এইড্‌‍ছৰ বিৰুদ্ধে যুঁজখনত আমি জয়লাভ কৰিলোঁ নেকি? নাইকৰা; কিন্তু টিমথীৰ কাহিনীয়ে নিশ্চয় এটা আশাৰ বতৰা কঢ়িয়াই আনিছে।

কোষ এটা HIV ৰোধী কেনেকৈ হয়?

HIVয়ে প্ৰধানতঃ CD4 T কোষ নামৰ শ্বেত ৰক্ত কণিকাবিধৰ পৃষ্ঠাভাগত থকা ‘গ্ৰাহক’ (Receptor) আৰু ‘উপগ্ৰাহক’ (Coreceptor) নামৰ প্ৰ’টিন দুবিধত সংযুক্ত হৈ কোষটোক আক্ৰমণ কৰে। প্ৰথমতে HIV gp120 প্ৰ’টিনে CD4 নামৰ গ্ৰাহক প্ৰ’টিনৰ লগ লাগি প্ৰৱেশ প্ৰক্ৰিয়া আৰম্ভ কৰে। তাৰ পিছত ই CCR5 বা CXCR4 উপগ্ৰাহকৰ লগ লাগি কোষত প্ৰবেশ কৰে। বিভিন্ন প্ৰকাৰৰ HIVৰ গঠন অলপ বেলেগ বেলেগ হ’ব পাৰে। বেছিভাগ HIVয়ে CCR5 প্ৰ’টিনৰ লগ লাগি T কোষক আক্ৰান্ত কৰে, কিন্তু কিছুমান মানুহৰ জিনীয় মিউটেছনৰ ফলত দেহত CCR5 উৎ‍পন্ন নহয়। তাৰ অৰ্থ এয়েই যে বেছিভাগ HIVয়ে তেওঁলোকক আক্ৰান্ত কৰিব নোৱাৰে। টিমথীৰ দেহত সংস্থাপন কৰা হাড় মজ্জা এনে মিউটেছন থকা মানুহৰে আছিল। এই হাড় মজ্জাই টিমথীৰ দেহত HIVৰোধী নতুন T কোষৰ জন্ম দিলে আৰু প্ৰতিৰক্ষী ক্ষমতা গঢ়ি তুলিলে।

আনৰ দেহতো এই ব্যৱস্থাই কাম দিবনে?

হাড় মজ্জা সংস্থাপন প্ৰক্ৰিয়াটো তেনেই সহজ নহয়। ইয়াৰ ফলত নানা অনিষ্ট হ’ব পাৰে যাৰ ভিতৰত মাৰাত্মক হ’ল “গ্ৰাফ্ট ভাৰ্চাছ হ’ষ্ট ডিজিজ”। ইয়াত দাতাজনৰ পৰা পোৱা মজ্জাত থকা প্ৰতিৰোধী কোষবোৰে মজ্জা গ্ৰহণ কৰাজনৰ দেহৰ নিৰোগী কোষবোৰ আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। এনে নোহোৱা কৰিবলৈ মানুহজনে নিজৰ দেহৰ প্ৰতিৰক্ষী ক্ষমতাক দমন কৰি ৰখা দৰৱ সেৱন কৰিবলগীয়া হয়, কিন্তু তাৰ ফলত আকৌ আন ৰোগ সৃষ্টিকাৰী ভাইৰাছ বা বেক্টেৰিয়াৰ গাখীৰতে ম’হৰ খুঁটি যেন হয়। তাৰোপৰি হাড় মজ্জাৰ এজন সঠিক দাতা বিচাৰি পোৱাটো অতি টান। প্ৰতিৰক্ষী তন্ত্ৰই নিজৰ কোষবোৰ আক্ৰমণ নকৰিবলৈ আমাৰ কোষবোৰৰ পৃষ্ঠভাগত কিছুমান কণিকা থাকে। সফল প্ৰতিস্থাপনৰ বাবে দাতা আৰু গ্ৰাহকজনৰ কোষৰ এই কণিকাবোৰৰ মিল থাকিব লাগিব। এই কাৰণতে হাড় মজ্জা সংস্থাপন বৃহৎ‍ পৰিসৰত চিকিৎসা ব্যৱস্থা হিচাপে সফল হৈ নুঠিব। টিমথীৰ পিছত ব’ষ্ট’নৰ দুজন ৰোগীৰ দেহতো এই প্ৰতিষ্ঠাপন পৰীক্ষা কৰা হয়। তেওঁলোক দুয়োজনৰো লিউকেমিয়া আছিল আৰু হাড় মজ্জা সংস্থাপনৰ পিছত তেওঁলোকৰ গাত HIV ধৰা পৰা নাই। কিন্তু টিমথীৰ লগত তেওঁলোকৰ পাৰ্থক্য এয়েই যে তেওঁলোকৰ সেই বিশেষ জিনীয় মিউটেছন নাই আৰু তেওঁলোকে এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎ‍সা গ্ৰহণ কৰিয়েই আছে। খৰছী আৰু মাৰাত্মক হোৱাৰ লগতে লিউকেমিয়া নাথাকিলে হাড় মজ্জা সংস্থাপনৰ দিশটো গ্ৰহণযোগ্য নহ’ব।

এটা উপায় আছে। বিজ্ঞানীসকলে শেহতীয়াকৈ “জিঙ্ক ফিঙ্গাৰ নিউক্লিয়েজেজ” (Zinc finger nucleases) নামৰ এবিধ প্ৰ’টিন আৱিষ্কাৰ কৰিছে যি CCR5 আৰু CXCR4ৰ জিনৰ পৰিৱৰ্তন কৰে। এই নিউক্লিয়েজেজে জিনৰ এটা নিৰ্দিষ্ট DNA ক্ৰম চিনাক্ত কৰি তাৰ আঁতৰাই দিয়ে। দেহৰ DNA মেৰামত কৰা ব্যৱস্থাই এই কটা টুকুৰাবোৰ ঠিক কৰে। কিন্তু এনে কৰোঁতে কেতিয়াবা মেৰামত ব্যৱস্থাৰ ভুলৰ বাবে কটা জিনটোৰ সালসলনি বা মিউটেছন হয়। এই জিনটোৰ পৰিৱৰ্তন হ’লে জিনটোৱে যিটো প্ৰ’টিন উৎ‍পন্ন কৰাৰ সংকেত বহন কৰে তাৰ ধৰ্ম সলনি হ’ব বা সেইটো উৎ‍পন্নই নহ’ব। গতিকে CCR5 আৰু CXCR4 জিন কাটি বিজ্ঞানীসকলে HIVৰ উপগ্ৰাহক কণিকা নথকা কোষৰ জন্ম দিব পাৰে।

চিকিৎসাৰ বাবে এই নিউক্লিয়েজেজ ব্যৱহাৰ কৰাৰ এটা উপায় হৈছে ৰোগীজনৰ দেহৰ পৰা শ্বেত ৰক্ত কণিকা বা হাড় মজ্জা উলিয়াই আনি সেইবোৰত পৰা দুয়োবিধ উপগ্ৰাহকৰ বাবে দুই ধৰণৰ জিঙ্ক ফিঙ্গাৰ নিউক্লিয়েজেজ প্ৰস্তুত কৰা। কোষত প্ৰস্তুত হোৱাৰ পিছত নিউক্লিয়েজেজে CCR5 আৰু CXCR4 জিন কাটিব। এই শ্বেত ৰক্ত কণিকা বা হাড় মজ্জাই CCR5 আৰু CXCR4 নথকা প্ৰতিৰক্ষী কোষৰ জন্ম দিব আৰু সেইবোৰ HIVৰোধী হৈ পৰিব। CCR5 প্ৰ’টিন নথকাকৈয়ো মানুহ এজন জীয়াই থাকিব পাৰিব, টিমথী তাৰ উদাহৰণ। কিন্তু CXCR4 প্ৰস্তুত নকৰা মানুহহে পাবলৈ নাই। গতিকে ইয়াৰ অভাৱত দেহত বিৰূপ প্ৰভাৱ পৰাৰ আশঙ্কাও আছে।

এইখিনিতে উল্লেখযোগ্য যে ফ্ৰান্সত চৈধ্যজন ৰোগীয়ে এইড্‌ছ ৰোগ ধৰা পৰাৰ লগে লগেই এণ্টিৰেট্ৰ’ভাইৰেল চিকিৎ‍সা ল’বলৈ আৰম্ভ কৰিছিল আৰু তিনিবছৰ চিকিৎসাৰ পিছত তেওঁলোকৰ দেহত ভাইৰাছ ধৰা পৰা নাই আৰু বিয়পাৰ কোনো চিন নাই। এই প্ৰতিৰোধমূলক চিকিৎ‍সাও অস্ত্ৰোপচাৰৰ আন এক বিকল্প হ’ব পাৰে।

টিমথী কেনে আছে?

এইড্‌ছ আৰোগ্য হৈ পৰিলেও টিমথী এজন সম্পূৰ্ণ সুস্থ-সবল মানুহ হৈ পৰা নাই। প্ৰথমটো হাড় মজ্জা সংস্থাপনৰ পিছত তেওঁৰ লিউকেমিয়া ৰোগ সম্পূৰ্ণকৈ ভাল হৈ নুঠিল। দ্বিতীয় এটা হাড় মজ্জা সংস্থাপন অস্ত্ৰোপচাৰ তেওঁ কোনোমতেহে সহ্য কৰিব পাৰিলে; তেওঁৰ কিছুমান স্থায়ী স্নায়ৱিক ক্ষতি হ’ল। ২০১২ চনৰ জুন মাহত বিজ্ঞানীসকলে তেওঁৰ দেহত HIV বিচৰা তুমুল অভিযান চলাই নতুন ভাইৰাছৰ জন্ম দিব নোৱাৰা কিছুমান ভাইৰেল অৱশেষ ধৰা পেলায়। কেতিয়াবা HIV কোনো প্ৰতিৰক্ষী কোষত সুপ্ত অৱস্থাত থাকে। বহুবছৰ পিছত এইবোৰ সক্ৰিয় হৈ নতুন ভাইৰেল কণিকাৰ জন্ম দিব পাৰে। কিন্তু যিহেতু টিমথীৰ CD4 কোষত জপনাখনেই নাই, গতিকে বিজ্ঞানীসকলৰ মতে টিমথী পুনৰ এইড্‌ছ আক্ৰান্ত হোৱাৰ আশঙ্কা অমূলক। কিন্তু এই ঘটনাই আৰোগ্য লভাৰ মাপকাঠি সম্পৰ্কে সকলোৰে মনত প্ৰশ্ন নজগোৱা নহয়।

২০১২ চনৰ জুলাই মাহত টিমথীয়ে নিজৰ নামত এটা এইড্‌ছ ফাউণ্ডেছন খোলাৰ কথা ঘোষণা কৰে। টিমথীয়ে প্ৰকাশ কৰিছে যে আৰু যিকোনো প্ৰশ্নৰে উত্তৰ বিচাৰিবলৈ তেওঁ নিজকে গিনি পিগ হিচাপে আগবঢ়াই যাব। আমিও আশা কৰোঁ টিমথীৰ সফলতাই এদিন পৃথিৱীৰ সকলো HIV আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পথ মুকলি কৰিব।

তথ্যউৎস:
১.http://www.npr.org/blogs/health/2012/06/13/154869103/traces-of-virus-in-man-cured-of-hiv-trigger-scientific-debate

২.http://www.webmd.com/hiv-aids/news/20120724/man-cured-of-aids-virus-news-conference

৩.http://www.foxnews.com/health/2012/07/24/timothy-ray-brown-man-believed-cured-aids-says-still-cured/

৪. http://www.theglobeandmail.com/life/health-and-fitness/science-takes-tiny-steps-toward-a-cure-for-aids/article4450963/


October 8, 2012 | By: গীতাৰ্থ বৰদলৈ

বিচাৰোঁ যদিও নেদেখোঁ ক’তো ৰ’দ....



(সতৰ্কবাণী: তলৰ কথাখিনিত ৰ’দ বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। বোলছবিখন চাম বুলি ভাবি থকাকেইজনে কথাখিনি নপঢ়িলেও নাই।)

কেইজনমানে “ৰ’দ” বোলছবিখন চাই ফে’চবুকত খুব গালি পাৰিছে, আনকেইজনমানে অসমীয়া বোলছবি জগতলৈ আশাৰ বতৰা নমাই অনা বুলি প্ৰকাশ কৰিছে। সকলোবোৰ পঢ়ি-মেলি মনত এটা ক্ষীণ আশা লৈ ছবিঘৰলৈ গ’লোঁ (মোৰ উপাধিও বৰদলৈ, মন কৰিব!) চাই আহি কিবা অলপ লিখিবলৈ মন গ’ল। চলচ্চিত্ৰ সমালোচনা কৰাৰ সাহস মোৰ নাই। এইখিনি এজন সাধাৰণ চলচ্চিত্ৰপ্ৰেমীৰ অনুভৱহে।

“ৰ’দ্‌”- এই বানানটো ছবিখনৰ প’ষ্টাৰ আৰু গানৰ চিডিৰ বাহিৰে আন ক’তো মই দেখা নাই। দ-ৰ তলৰ হসন্তৰ প্ৰয়োজনীয়তা বুজিব নোৱাৰিলোঁ। বোধকৰোঁ উচ্চাৰণৰ ফালে চাই এনেকৈ লিখিলে। কিন্তু আমিতো “সপোন্‌”, “মদ্‌” এনেকৈ নিলিখোঁ।

ছবিখনৰ প’ষ্টাৰ আৰু প্ৰচাৰ সুন্দৰ। কেতিয়াবা প’ষ্টাৰৰ ধুনীয়া-ধুনীয়া নায়ক-নায়িকালৈ চাইও ছবি এখন চাবলৈ মন যায়। ৰ’দৰ ক্ষেত্ৰতো বহুতৰে তেনে হ’ব পাৰে।

ছবিঘৰৰ ভিতৰত বেছি মানুহ নাছিল। কোনো এটা দৃশ্যই হয়তো তেওঁলোকৰ মন আকৃষ্ট কৰিব নোৱাৰিলে যাৰ বাবে হাতচাপৰিৰ শব্দ বা কান্দোনৰ শব্দ শুনা নাপালোঁ। জয়ন্ত ভাগৱতীৰ দৃশ্যকেইটাতহে ৰাইজে খুব ৰস পাই হাঁহিলে।

ছবিখনৰ আৰম্ভণিৰ পৰা বিৰতিলৈকে কাহিনীৰ আগ-গুৰি পোৱা নাছিলোঁ। উৎ‍পল দাসৰ মুডৰ ইমান পৰিৱৰ্তন কিয় হয়, এদিন গান গায়-এদিন অনাই বনাই ঘূৰে-এদিন কেমেৰা এটা দেখি পেছাদাৰী ফটোগ্ৰাফাৰ হৈ যায়, লগতে মুনমীক সৰুতে শ্বিলঙত লগ পোৱাৰ বিতং ঘটনা আদি বুজি পোৱা নাছিলোঁ। বিৰতিৰ পিছত চিমলাত লাহে লাহে নায়কৰ দুখৰ কাৰণ মুকলি হয়। ছবিৰ অন্তত কিন্তু কোনোমতে কাহিনীটো জোৰা দিয়া যেন লাগিল। জোঁৱায়েকৰ পৰা শিক্ষা লাভ কৰি “বহুদিনৰ পৰা বুকুত বোজা লৈ ফুৰা” নতুন নায়িকাৰ দেউতাকৰ মনৰ তৎ‍ক্ষণাৎ‍ পৰিৱৰ্তন হ’ল। দৰ্শকক জোৰ-জবৰদস্তি জীৱনত ৰ’দ অহাৰ ধাৰণা বাৰে বাৰে বুজাবলৈ প্ৰয়াস কৰা যেন লাগিল।

সংলাপ ছবিখনৰ এটা অন্যতম দুৰ্বল দিশ। অসমীয়া ছবি এখনত সংলাপৰ ৫০% মান (অলপ হয়তো বঢ়াই কৈছোঁ!) ইংৰাজী ভাষাৰ হোৱাটো হজম নহ’ল। অংচুমান, আংকিত, আই এম ভেৰী হেপ্পী আদিৰ মাজত সোমাই জয়ন্ত ভাগৱতীয়ে কোৱাৰ দৰে “ডিঙিৰ অণ্ঠ-কণ্ঠ” (এইটো কি বাৰু) শুকাই যোৱা যেন লাগিল। ছবিখনত “সপোন” শব্দটো এশবাৰমান আছে।

কেমেৰাৰ কাম সুন্দৰ। আৰম্ভণিতে ঘৰৰ ভিতৰৰ দৃশ্য দুটামানত কেমেৰা এংগল “পাৰানৰ্মেল এক্টিভিটী”ৰ দৰে দেখি আচৰিত হ’লেও চিমলাকে ধৰি বাহিৰৰ দৃশ্যবোৰ কেমেৰাই সুন্দৰকৈ ধৰি ৰখা চাই ভাল লাগিল। বাইক চলোৱাৰ দৃশ্য, গীতসমূহৰ দৃশ্যায়ন, গান এটাত মূৰত বেণ্ডেজ বন্ধা উৎ‍পল দাস শিল এটাৰ ওপৰত উঠি থকাৰ দৃশ্যটো তলৰ পৰা হঠাৎ‍ ফ্ৰেমলৈ অহাটো, চাই ভাল পালোঁ।

ছবিখনৰ সংগীত (গীত) সুন্দৰ। অৱশ্যে আৱহ সংগীতৰ ক্ষেত্ৰত সেই কথা হয়তো ক’ব নোৱাৰিম। সাংঘাটিক নহ’লেও গীতসমূহ বোলছবি এখনৰ বাবে ভাল যেন বোধ হ’ল। কিন্তু গীতসমূহ য’ত-ত’ত সুমুৱাই দিয়াৰ ফলত কাহিনীৰ গতি দুৰ্বল হৈ পৰিল।

অভিনেতাসকলৰ অভিনয় ভালেই (পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি!)। অৱশ্যে এটা সুন্দৰ চেহেৰাৰ অধিকাৰী উৎ‍পল দাসে তেওঁৰ অভিনয়ক তুলি ধৰিব পৰা বেলেগ ধৰণৰ চৰিত্ৰ এটা আজিও পোৱা নাই। নতুন নায়িকাগৰাকীৰ অভিনয়ৰ জঠৰতাই অলপ আমনি দিলে।

পৰিচালনা আৰু সম্পাদনা দুৰ্বল বুলিয়েই ক’ম। তেওঁলোকে কাহিনীটোক বান্ধি ৰাখি সুন্দৰকৈ সজাই-পৰাই দিব পৰা নাই। কোনো সময়তে কাহিনীয়ে গতি লাভ কৰা নাই যেন লাগিল।(কোনোবা এজনে অ’ভাৰডিৰেক্‌ছনৰ কথা কৈছিল। ইমান নাজানো।) কেৱল পইছা দিছোঁ বাবে এটাও হামি নমৰাকৈ ছবিঘৰত বহি থাকিলোঁ। অৱশ্যে বোলছবি চোৱাৰ ক্ষেত্ৰত মোৰ ধৈৰ্য বহুততকৈ বেছি!

যোৰহাটৰ ইলি হলত বেলকনীৰ টিকটৰ দাম ১২৫ টকা। ডিব্ৰুগড়ৰ ফান চিনেমা হলত গ’ল্ড টিকটৰ দাম ১৫০ টকা। মই জ্যোৎ‍স্না হলত ২০ টকাৰ টিকট কাটি তলতে বহি চালোঁ। ১২৫-১৫০ টকা দি চোৱা বেছিভাগেই হয়তো (অত্যুৎ‍সাহীসকলৰ বাহিৰে) পইছা পানীত পৰা যেন অনুভৱ কৰিব। মই ভাবোঁ অসমীয়া ছবি এখন চাবলৈ যাওঁতে বেছি আশা কৰি যাব নালাগে। তেতিয়া চাই বেয়া লাগিলেও খং নুঠে (কেইবছৰমান আগতে “জোনাকী-মন” নামৰ এখন ছবি চাই মোৰ মগজৰ ঘিঁউ গৰম হোৱা আৰু লগৰ এটাই অসমীয়া চিনেমা কেতিয়াও নাচাওঁ বুলি শপত খোৱা মনত পৰে)। খং উঠক-নুঠক, মই ছবিবোৰ চোৱাৰ পিছত তিনি ভাগত ভগাওঁ- ভাল, চাব পাৰি আৰু বেয়া। এই বোলছবিখন ভাল লগাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো মোৰ মনলৈ এটাই শব্দ আহিল- বেয়া।
(আকৌ কৈছোঁ- চলচ্চিত্ৰ সমালোচনা কৰাৰ যোগ্যতা মোৰ নাই।)
October 2, 2012 | By: গীতাৰ্থ বৰদলৈ

এখন পৃথিৱী বিখ্যাত অদ্ভুত গ্ৰন্থ





এনে এখন কিতাপ প্ৰকাশ কৰি লাভ আছেনে যিখন কোনেও বুজি নাপায়? খেয়ালী মনৰ ইটালিয়ান চিত্ৰকৰ, স্থপতিবিদ লুইগী চেৰাফিনিয়ে ডেক্স চেৰাফিনিএনাছ” (Codex Seraphinianus) নামৰ কিতাপখনেৰে এই কামটোকে কৰি দেখুৱালে। প্ৰথম দৃষ্টিত কিতাপখন এখন ছবি সম্বলিত কিতাপ। কিন্তু ভালদৰে চালে চকু কপালত উঠিব। অৰ্থ উলিয়াব নোৱাৰা অদ্ভুত কিছুমান ছবি আৰু তাৰ সমানেই অদ্ভুত কোনো লিপিৰে লিখা বৰ্ণনা! ১৯৮১ চনত দুটা খণ্ডত প্ৰথম প্ৰকাশ পোৱা কিতাপখনক বহু গ্ৰন্থপ্ৰেমীয়ে বিশ্বৰ সকলোতকৈ অদ্ভুত কিতাপআখ্যা দিছে আৰু আচৰিতভাৱে কিতাপখনে বহুতৰে ঘৰ শুৱনি কৰিছে।


১৯৭৬-৭৮ চনমানত লুইগীয়ে এই কিতাপখনৰ পাণ্ডুলিপি সম্পূৰ্ণ কৰে। প্ৰায় ৩৬০ পৃষ্ঠাৰ এই অসাধাৰণ কিতাপখনৰ বকলাৰ ভিতৰফালে বাৰেবিংকৰা কিছুমান কথা কোৱা হৈছে, যেনে- কিতাপখন তথ্যৰ যুগৰ বাবে উপযুক্ত কাৰণ সংকেত সৃষ্টি আৰু ভঙা কামটো জেনেটিক্‌‍ছ, কম্পিউটাৰ বিজ্ঞান, সাহিত্য সমালোচনা আদিৰ বাবে প্ৰয়োজনীয়। কিতাপখন হেনো এই সময়ৰ এক সৃষ্টিমূলক ধাৰণা!বিষয়বস্তু যিয়েই নহওক, বহু ৱেবছাইট আৰু ব্লগত এই মৌলিক ফেণ্টাচী কিতাপখনৰ অৰ্থ বিচৰাৰ নিৰৰ্থক প্ৰচেষ্টা আৰু গুণগানৰ আভাষ পোৱা যায়।

এনে আচহুৱা কাহিনীৰ বিচাৰ-খোচাৰ কৰিলে জৰ্জ লুই বৰ্জেছৰ ““Tlon, Uqbar, Orbus Tertius”লৈ (১৯৪০) আঙুলিয়াব পাৰি যত এখন অন্য জগতৰ বাসিন্দাসকলৰ বিস্ময়কৰ যুক্তি আৰু চিন্তাৰ বৰ্ণনা কৰা হৈছিল। হাৰ্লান এলিছন সম্পাদিত “MEDEA: HARLAN’S WORLD” গ্ৰন্থত কেইবাজনো চায়ফিক লেখকে এখন পৰগ্ৰহী সমাজৰ বিৱৰণ দিছিল। ১৯৭০ চনৰ ফ্ৰেঞ্চ এনিমেচন ছবি “FANTASTIC PLANET (LA PLANETE SAUVAGE)”ত ৰলাণ্ড টৰে কিছুমান উদ্ভট ডিজাইন কৰিছিল। কিন্তু একেবাৰে পাঠোদ্ধাৰ কৰিব নোৱাৰা কডেক্সৰ দৰে কিতাপ সম্ভৱতঃ আগতেও প্ৰকাশ হোৱা নাছিল আৰু এতিয়ালৈকে হোৱা নাই।

কিতাপখন হাতত ললে পোনতে চকু যাব আচহুৱা বেটুপাতখনলৈ। ১৯৯১ চনৰ সংস্কৰণৰ বেটুপাতত এহাল মানুহে মৈথুনক্ৰিয়াত লিপ্ত হৈ লাহে লাহে ঘঁৰিয়াললৈ পৰিৱৰ্তিত হোৱাৰ ছবি আছে। শ্বেক্সপিয়েৰে মৈথুনক্ৰিয়াক দুই পিঠীয়া জন্তুবুলি অভিহিত কৰিলেও লুইগীৰ দৰে তেখেতে নিশ্চয় এই পৰিণতি চিন্তা কৰা নাছিল! ১৯৯৩ চনৰ সংস্কৰণৰ বেটুপাতত আন এখন ছবি আছে- এজন মানুহে এটা প্ৰকাণ্ড আৰু অদ্ভুত আকাৰৰ টুপী পিন্ধি লামা এটাত উঠি গৈ আছে। দুইটা প্ৰাণীয়েই শিলৰ ঘৰ এটাৰ বাহিৰত থোৱা দাপোণ এখনলৈ চাই আছে যৰপৰা কিছুমান উজ্জ্বল ৰঙৰ খাদ্য নিৰ্গত হৈছে। আচৰিত স্বপ্ন-যুক্তিৰ সমাহাৰ!



বহুতে কিতাপখনক পৃথিৱীৰ জীৱনশৈলী প্ৰতিফলিত কৰা এক পৰগ্ৰহী বা সমান্তৰাল মাত্ৰাৰ অন্য এক জগতৰ বিশ্বকোষবুলি কব খোজে। কিতাপখন এঘাৰটা পাঠত বিভক্ত। প্ৰতিটো পাঠতে এই জগতখনৰ মানুহ (?), তেওঁলোকৰ কাপোৰ, ঘৰ, জীৱ-জন্তু, গছ-গছনি, বিজ্ঞান, যন্ত্ৰ, খেল, বিভিন্ন চিহ্ন, এনাটমী, ৰসায়ন আদি দেখুওৱা হৈছে। আৰু এই কথাটো ন-দি কব নোৱাৰি কাৰণ কোনেও আজিলৈকে কিতাপখনৰ পাঠোদ্ধাৰ কৰিব পৰা নাই! (কিছু লোকে অৱশ্যে কিতাপখনৰ সাংখ্যিক প্ৰণালী ভেদ কৰা বুলি দাবী কৰিছে।) আন আন অধিবাস্তৱবাদী ছবিৰ ভিতৰত আছে উপঙা ফুল, মাখিয়ে ঢাকি ৰখা গাড়ী যেন যন্ত্ৰ, মূৰত গছ গজা হৰিণা, ফাউণ্টেইন কলমে বুকু ভেদ কৰি যোৱা নিবযুক্ত হাত থকা ৰলাৰ স্কেটাৰ পিন্ধা এজন মানুহ, মাটিত খোজ কঢ়া আৰু পানীত সাঁতুৰিব পৰা গছ, মানুহৰ চকু যেন লগা মাছৰ দৰে প্ৰাণী আদি। প্ৰতিখন ছবিয়েই মৌলিক, বুদ্ধিদীপ্ত কল্পনাশক্তিৰ ৰূপান্তৰ।

২০০৯ চনত দিয়া এটা সাক্ষাৎকাৰত লুইগীয়ে কয় যে এই কিতাপখনৰ লিপিত কোনো গুপুত অৰ্থ নাই। শিশুৱে একো বুজি নোপোৱা কিতাপ এখন মেলিলে যি অনুভূতি হয় তেওঁ মাত্ৰ সেয়াহে প্ৰতিফলিত কৰিবলৈ বিচাৰিছিল। তথাপিও পৃথিৱীৰ বিভিন্ন শিল্পীয়ে কিতাপখনৰ ছবিবোৰ অধ্যয়ন কৰিছে, দাৰ্শনিকসকলে অৰ্থ বিচাৰি ভাৱত বুৰ গৈছে, সমালোচকসকলে কিতাপখন কোন শ্ৰেণীত পৰিব চিন্তা কৰিছে, কিন্তু নাভূত-নাশ্ৰুতকিতাপ এখন আনক দেখুৱাই ৰং চোৱাৰ চখতে বহুতে কিতাপখন সংগ্ৰহ কৰি থৈছে!