March 23, 2013 | By: গীতাৰ্থ বৰদলৈ

Azhagi+ easy টাইপিং সঁজুলি



Azhagi+ টাইপিং ছফ্টৱেৰটোৰ মূল অসমীয়া লে’আউটখনত সামান্য সালসলনি কৰি এই কীব’ৰ্ডখন প্ৰস্তুত কৰা হৈছে। কেইবাটাও আখৰ টাইপ কৰিবলৈ একাধিক বিকল্প থকা বাবে (আৰু ম‍ই ব্যৱহাৰ কৰি সহজ পোৱা বাবে) ইয়াক Azhagi+ easy নাম দিছোঁ। ইণ্ডিক ইন্‌পুট ২ ছফ্টৱেৰটোৰ টাইপিং পদ্ধতিৰ লগত ইয়াৰ ভালেখিনি মিল থকা বাবে সেইটো আগৰেপৰা ব্যৱহাৰ কৰি থকাসকলে সহজ পাব। ছফ্টৱেৰটোৰে Windows XP, Windows vista, Window 7 আৰু Windows 8 আটাইকেইটা অ’পাৰেটিং প্ৰণালীতে টাইপ কৰিব পাৰি। প’ৰ্টেবল হোৱা বাবে এইটো আপুনি পে’ন ড্ৰাইভত কঢ়িয়াই ফুৰি যিকোনো কম্পিউটাৰতে অসমীয়াত টাইপ কৰিব পাৰিব। উল্লেখযোগ্য যে ত্ৰিদিপ কুমাৰ বৰুৱাই প্ৰস্তুত কৰা “সুষম” ছফ্টৱেৰটোৱে Azhagi+ৰে টাইপ কৰা অসমীয়াত কোনো ত্ৰুটি পোৱা নাই (ম‌ই ব্যৱহাৰ কৰি চোৱা আৰু ত্ৰুটি নোপোৱা আনটো অসমীয়া টাইপিং ছফ্টৱেৰ হৈছে “ৰ’দালি”)।

Azhagi+ easy ব্যৱহাৰ কৰিবলৈ প্ৰথমে তলত দিয়া লিংকটোৰপৰা ফাইলটো ডাউনল’ড কৰক। আন্‌জিপ কৰাৰ পিছত ভিতৰত থকা ফ’ল্ডাৰটো খোলক। তাত থকা Azhagi-Plus (A+ লিখা ছবিখন) নামৰ এপ্লিকেছনটো চলাওক। লগে লগে মণিটৰৰ টাস্কবাৰত “A+”  আইকন্‌টো দেখা পাব। ইংৰাজী আৰু অসমীয়া ভাষাৰ মাজত সালসলনি কৰিবলৈ F10 টিপক। অসমীয়া টাইপিং সক্ৰিয় হ’লে লেংগুৱেজ বাৰত “BN” বুলি ওলাব। কীষ্ট্ৰ’কবোৰ লিখা থকা সহায় পিডিএফ ফাইল এটা ডাউনল’ড কৰা জিপ্‌ ফাইলটোৰ ভিতৰতে “Azhagi+ typing help” নামৰে পাব। তাৰ লগতে টাস্কবাৰৰ A+ আইকনটো টিপাৰ পিছত “Key mappings- Dynamic help” লিংকটোতো সেইখিনি পাব।

ছফ্টৱেৰটোত ম‍ই পোৱা একমাত্ৰ অসুবিধাটো হ’ল অসমীয়া ভাষাটোৰ চিহ্ন “
AS” বুলি ওলোৱাৰ সলনি  “BN” ওলোৱাটো (যদিও ই টাইপিঙত কোনো অসুবিধা নকৰে)। ছফ্টৱেৰটোৰ উদ্ভাৱকজনে ইয়াৰ পিছৰ দুটা সংস্কৰণৰ ভিতৰত এইটো শুধৰাব বুলি কথা দিছে।

ব্যৱহাৰ কৰি কিবা ভুল দেখিলে অনুগ্ৰহ কৰি আঙুলিয়াই দিব। উৎসাহীজনে ভিতৰৰ XML ফাইলটো নিজৰ সুবিধা অনুযায়ী সলাই ল’ব পাৰে।


ডাউনল'ড লিংক:  http://www.mediafire.com/download/fgdgq2lf93bfcui/AzhagiPlus_easy.zip


















পঢ়ি ভাল পালে ৰাইজক জনাওক!

0 comments: