May 28, 2013 | By: গীতাৰ্থ বৰদলৈ

অধ্যায়


(আগকথা: ম‍ই কোনো চলচ্চিত্ৰ সমালোচক নহয়।
এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। ছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।)
অধ্যায়ৰ এটি দৃশ্যত পবিত্ৰ ৰাভা (চিত্ৰ`উৎস: The Hindu)
যোৱা শুকুৰবাৰে আবেলি ৩:৩০ মান বজাত বিভাগীয় কামৰপৰা আজৰি হ’লোঁ। ভাবিলোঁ চিনেমা এখনকে চোৱা যাওক। ৩:৫৫ মান বজাত বজাৰ গৈ পাই ফান্‌ চিনেমাত খবৰ কৰিলোঁ। নতুন ইংৰাজী চিনেমা এখনৰ দৰ্শনী ডেৰঘণ্টামান পিছতহে আছে। অৰোৰা ছবিঘৰত “অধ্যায়” নামৰ অসমীয়া বোলছবি এখন অহা বুলি খবৰ পাইছিলোঁ। গতিকে তালৈকে ঢাপলি মেলিলোঁ। টিকট কাটি তলৰ মহলাৰ আসন এখনত বহি চাৰিওফালে চকু ফুৰালোঁ। মুঠ বাৰজনমান মানুহ আছে। দহমিনিটৰ আমনিদায়ক চৰকাৰী বিজ্ঞাপনৰ পিছত ছবি আৰম্ভ হ’ল।

আৰম্ভণিতেই মহিলা এগৰাকীক গাঁৱৰ ৰাইজে খেদি যোৱাৰ দৃশ্য আছে। মহিলাগৰাকীয়ে প্ৰাণ ৰক্ষাৰ নিমিত্তে নদীত জাঁপ দিয়ে। তাৰ পিছৰ দৃশ্যত ছবিখনৰ মূল পুৰুষ চৰিত্ৰত অভিনয় কৰা ভোলাই (পবিত্ৰ ৰাভা) ফটিকাৰ ৰাগীত মাতাল হৈ ঘৰলৈ উভতে। ইফালে ভোলাৰ পত্নী তৰুৱে (তৰুলতা কুটুম) ভাত ৰান্ধি থকা দেখুওৱা হয়। এইদৰে চুটি চুটি দৃশ্য কেইটামানেৰে ছবিখনৰ কাহিনী আগুৱাই যায়। অৱশ্যে প্ৰথমতেই সম্পাদনাৰ বিসংগতি এটা চকুত পৰিল। তৰুৱে ভাত ৰান্ধি থাকোঁতে ভোলাক খঙেৰে কয়- “মতা মানুহৰ মৰম ৰাতিহে জাগে”। তাৰ পিছৰ শ্বটটোত আকৌ পুৱা ভোলাই তৰুৰপৰা ঘৰৰ পিতলৰ ঘটি এটা কাঢ়ি লৈ যায়। দুইটা দৃশ্যৰ মাজত একো সামঞ্জস্য নাই।

লাহে লাহে দুখীয়া ভোলা আৰু তৰুৰ দৈনিক জীৱনৰ কাহিনী মুকলি কৰা হয়। দুয়ো শিল ভঙা কাম কৰি কেইটামান টকা হাজিৰা পায়ভোলাই বেছিভাগ প‍ইছাৰে লটাৰীৰ টিকট কিনে, লাভৰ নামত শূন্য। সদায় মদ খাই ঘৰলৈ উভতে। তৰুৱে তাৰ বাবে শুদা ভাত ৰান্ধি থয়। সন্তান নোহোৱাৰ বাবে তৰুৰ দুখ। বেলেগৰ সন্তানলৈ তাইৰ খুব মৰম। আৰম্ভণিতে দেখুওৱা নদীত জাঁপ দিয়া মানুহজনী সিহঁতৰ গাঁৱৰে। গাঁৱৰ ৰাইজে বেজৰ কথামতে তাইক ডাইনী বুলি ভাবি হত্যা কৰিছিল। ইফালে গাঁৱত পানীৰ বাবে হাহাকাৰ।

গাঁৱৰ মহাজন বৰ প্ৰতাপী। দুখীয়া মানুহৰ মাটি বন্ধকত লৈ, নানা ব্যৱসায়েৰে তেওঁ ধন গোটায়। তেওঁৰ পত্নী ৰুগীয়া বাবে কাম কৰিবলৈ তৰুক ঘৰলৈ মাতে। মহাজনৰ ঘৰত দাইল, শাক-পাচলিৰে ভাত খাবলৈ পাই, চাবোনেৰে গা ধুবলৈ পাই তৰুৰ মুখত হাঁহি বিৰিঙে। কিন্তু কিছুদিন পিছতেই অথন্তৰ ঘটে। মহাজন, সেনা জোৱানৰ অত্যাচাৰত, ঠগ বেজৰ চক্ৰান্তত তাইৰ জীৱনলৈ ক’লীয়া ডাৱৰ নামি আহে। ভোলা আৰু তাইৰ দুখ কুলাই পাচিয়ে নধৰা হয়। এতিয়া গাঁও এৰি পলাই যোৱাৰ বাহিৰে সিহঁতৰ আৰু কি উপায় আছে?

ছবিখনৰ প্ৰচাৰ দুৰ্বল। কেতিয়াবা বাতৰি কাকতত পঢ়িবলৈ পোৱা খবৰ আৰু দুদিনমান আগতে দেৱালত লগাই থোৱা প’ষ্টাৰবোৰৰ বাদে আন একো প্ৰচাৰ কৌশল চকুত নপৰিল (বা ম‍ইহে একো নাজানো)। মানুহে একো গম নোপোৱাকৈ হঠাৎ কিবা এখন বোলছবি চাবলৈ যাব বুলি আশা কৰাটো ভুল। সম্ভৱ প্ৰযোজকৰ অৰ্থৰ অভাৱ। আন কেইবাখনো অসমীয়া বোলছবিৰ দৰে কেৱল ভৰ দুপৰীয়া এইখনৰ দৰ্শনী নাছিল, তথাপিও ছবিঘৰত মানুহ দুখলগাকৈ কম।

ম‍ই ছবিঘৰলৈ বৰ বেছি আশা কৰি যোৱা নাছিলোঁ যদিও ছবিখনে মোক হতাশ নকৰিলে। অৰূপ মান্নাৰ নামটো “আইদেউ”ৰ পৰিচালক হিচাপে শুনিছিলোঁ যদিও সেইখন ছবি ম‍ই চোৱা নাই। “অধ্যায়”ৰ প’ষ্টাৰত থকা অভিনেতা কেইজনকো ম‍ই আগতে দেখা নাছিলোঁ। এখন গাঁৱৰ আৰ্থসামাজিক সমস্যাক ডাঙি ধৰা ছবিখনৰ কাহিনীত কোনো জটিলতা নাই। ধীৰে ধীৰে কাহিনী মুকলি কৰা শৈলীয়ে মোক ছবিখন সহজে বুজি পাবলৈ সুযোগ দিলে। অৱশ্যে ছবিখনৰ পৰিসমাপ্তিত ম‍ই সন্তুষ্ট নহ’লোঁ (যিদৰে “বান্ধোন”ৰ সমাপ্তিও মোৰ ভাল লগা নাছিল)। ছবিঘৰত বহি থকা আন কেইজনমান দৰ্শকেও “শেষেই হ’ল নেকি!” বুলি কোৱা শুনা গ’ল। তথাপিও ক’ম, বোলছবিখনৰ কাহিনী আৰু কথনশৈলীয়ে মোৰ মন চুই গ’ল।

মুখ্য চৰিত্ৰ দুটাত পবিত্ৰ ৰাভা আৰু তৰুলতা কুটুমৰ অভিনয়ৰ বৰ ভাল লাগিল। তেওঁলোকে ছবিখনৰ বাবে ক’ৰবাত শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা পোৱা বুলি কালি ৱেবছাইট এটাত পঢ়িবলৈ পাইছিলোঁ। ভালকৈ অভিনয় কৰিব নোৱাৰা পৰম্পৰাগত নায়ক-নায়িকাৰ সলনি পৰিচালকে তেওঁলোকৰপৰা খুব সুন্দৰ কাম আদায় কৰিলে। দুয়োজনৰ মাজত কাজিয়া লগা সত্বেও হাজিৰা কৰোঁতে আজৰি সময়ত তৰুৱে ভোলাক ভাত আনি দিয়া দৃশ্য, তৰুৱে মহাজনৰ ঘৰৰপৰা বান্ধি অনা ভাত-দাইল-ভাজি ভোলাই গো-গ্ৰোসে গিলা দৃশ্য, ভোলাই বিধায়কক প‍ইছা ঘূৰাই দিয়া, মুষলধাৰ বৰষুণত তৰুৱে দেওধনীৰ দৰে নচা দৃশ্য, ৰেডিঅ’ত কিশোৰ কুমাৰ গান শুনি থাকোঁতে ভোলাৰ চকু-মুখৰ অভিব্যক্তি আদিবোৰ মোৰ ভাল লাগিল। ছবিখনত চৰিত্ৰৰ ভিৰ নাই। মহাজন, লটাৰীৰ টিকট বেচা যুৱকজন আদিৰ লগতে মহাজনৰ শৰ্যাগত পত্নীৰ সংলাপবিহীন অভিনয়ো সুন্দৰ।

কেমেৰাৰ কাম যথাযথ। বিশেষ একো নতুনত্ব নাই যেন লাগিল। যিমান পাৰি সৰলভাৱে দৃশ্যবোৰ গ্ৰহণ কৰা হৈছে। প্ৰায় ডেৰঘণ্টীয়া চিনেমাখনত এটাও গান নাই। প্ৰথম অংশত আৱহ সংগীতৰ ব্যৱহাৰো অতি কম। আৱহ সংগীতৰ নূন্যতম ব্যৱহাৰ হ’লে বোলছবি এখন মোৰ উকা উকা যেন অনুভৱ হয়। তেনে অৱস্থাত দৰ্শকেও কাহিনীৰ সতে একাত্ম হোৱাত বাধা উপজে বুলি ম‍ই ভাবোঁ।

প্ৰথমতেই উল্লেখ কৰা দৃশ্য দুটাৰ বাদে সম্পাদনাক লৈ ম‍ই অভিযোগ কৰাৰ বিশেষ কাৰণ নাই। অৱশ্যে প্ৰথম আধা ঘণ্টামানত কিছুমান দৃশ্যৰ গতি আৰু মসৃণ হোৱা সম্ভাৱনা আছিল বুলি ম‍ই ভাবোঁ। পৰিচালনাও সুন্দৰ। বিধায়কে গাঁৱত পানী যোগান আঁচনিৰ কথা ঘোষণা কৰোঁতে চৰ্চৰণি খোৱা, গাঁৱৰ পেন্দুকণামখাই বিধায়কৰ গাড়ীৰপৰা পানীৰ বটল মনে মনে লৈ গৈ খোৱা আৰু বটলটোৰে ফুটবল খেলা, সপোনৰ কথা কৈ লটাৰীৰ টিকট বেচা আদি দৃশ্য‌ই আমোদ দিলে।

ছবিখনৰ সংলাপপ্ৰধান নহয়। বিশেষকৈ বিৰতিৰ পিছত সংলাপৰ ব্যৱহাৰ কম। তথাপিও ভোলা আৰু তৰুৰ মুখৰ কিছুমান সংলাপ বহুদিনলৈ মনত থাকি যোৱা বিধৰ। কিন্তু “অহাকালি”, “যোৱাকালি” কেইটামান শুনি ভাল নালাগিল!

ছবিখনে মানুহক মনোৰঞ্জন নোযোগায়, চিন্তা কৰিবলৈহে বাধ্য কৰে। জাহ্নু বৰুৱা শৈলীৰ বোলছবি চাই ভাল পোৱা মানুহে বোধকৰোঁ এইখনো ভাল পাব। কিন্তু এইখন চাবলৈ ছবিঘৰলৈ মানুহ নাযায়। ইয়াত নাচ-গান নাই, যতীন বৰা নাই, নদী-সাগৰ-পাহাৰ-বৰফৰ দৃশ্য নাই; তাৰ ওপৰত ছবিখনৰ বেছি প্ৰচাৰো নাই। এনেকুৱা বোলছবিৰ প্ৰয়োজন কেতিয়াও শেষ নহয়, কিন্তু দৰ্শকক আকৃষ্ট কৰিবলৈ কি কি কৰিব লাগিব সেয়া অৰূপ মান্না বা আন পৰিচালকে ভাবিবৰ হ’ল।

বোলছবিখন চোৱাৰ পিছত মোৰ মনলৈ ভাৱ আহিল- “ভাল”।

May 19, 2013 | By: গীতাৰ্থ বৰদলৈ

ইতিবাচক আৰু নেতিবাচক সমালোচনা



অক্সফ’ৰ্ড অভিধানত থকা সমালোচনাৰ অৰ্থৰ অসমীয়া ভাঙনি এনেকুৱা হ’ব- “কোনো সাহিত্যিক বা কলাত্মক কামৰ ভাল আৰু বেয়া দিশৰ ভিত্তিত বিশ্লেষণ আৰু ৰায়দান” আৰু “ভুল দিশ অনুধাৱন কৰাৰ পিছত কোনোবা মানুহ বা কোনো বস্তুক নাকচ কৰাৰ দৰে অভিব্যক্তি”। আধুনিক অসমীয়া অভিধানত কোৱা হৈছে- “ভুল-ত্ৰুটি বিচাৰ কৰি কৰা আলোচনা”। ভালকৈ ক’লে আমি সমালোচকক ভাল পাওঁ আৰু বেয়াকৈ ক’লে তেওঁ আমাৰ বাবে চকুৰ কুটা দাঁতৰ শাল হৈ পৰে। বিশ্লেষণৰ মাধ্যেমেৰে কোনো ব্যক্তি বা বস্তুৰ প্ৰশংসা কৰাকে “ইতিবাচক সমালোচনা” বুলি হয়। কেৱল যদি বেয়া দিশবোৰহে আঙুলিয়াই দিয়া হয় (কোনো কোনোৰ মতে আক্ৰমণ কৰা হয়) তেন্তে সেয়া “নেতিবাচক সমালোচনা”। দুয়োটাৰে সঠিক মিশ্ৰণত সমালোচনাটো হৈ পৰে “গঠনমূলক”। কিন্তু এনেকুৱা কথাবোৰ পূৰ্বপৰিকল্পিত হয়নে বা সমালোচনাৰ এনেকুৱা ভাগ কিমানদূৰ শুদ্ধ?

এটা ভাল সমালোচনাই আমাক আমি কৰা কামবোৰৰ বিভিন্ন দিশ উদঙাই দেখুৱাই তাৰ লাভালাভ, তাৰ সম্ভৱপৰ প্ৰভাৱ, তাক উন্নত কৰাৰ পথ আঙুলিয়াই দিব পাৰে। গতিকে সমালোচনা আমাৰ বাবে জীৱনৰ এক এৰাব নোৱাৰা অংগ। পিতৃ-মাতৃৰ বুজনি, ককৰ্থনাৰপৰাই আমাৰ জীৱনত সমালোচনাৰ আৰম্ভ হোৱা বুলি ক’ব পাৰি। তথাপিও ডাঙৰ হৈ অহাৰ লগে লগে, পৃথিৱীখনৰ কদৰ্যতাবোৰ আমাৰ চকুত বেছিকৈ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সমালোচনা বুলি ক’লেই আমাৰ মনলৈ এটা বেয়া চিন্তাহে আহে। আমি জানো যে কিবা এটা কাম কৰাৰ পিছত কামটোৰ ভৱিষ্যত ৰূপৰ বাবে সমালোচনা অতিকৈ প্ৰয়োজনীয়, কিন্তু কোনোবাই কিবা এটা আঙুলিয়াই দিলেই বেছিভাগ মানুহৰে প্ৰথম ভাৱ হয়- তেওঁ আক্ৰমণ কৰিছে। এজন মানুহক কিবা এটা চাবলৈ দি তেওঁৰ মন্তব্য যদি আমি শুনিব নোখোজোঁ, তেন্তে তেওঁৰ প্ৰতি আমাৰ বিশ্বাস কিমান, নিজৰ কামটোৰ যথাৰ্থতাৰ ওপৰত আমাৰ বিশ্বাস কিমান? আপুনি গল্প এটা লিখি তাৰ মাধ্যেমেৰে কিবা এটা বাৰ্তা দিব খুজিছে, সেই বাৰ্তাটো পাঠকে পাইছেনে নাই সেয়া পাঠকেহে ক’ব, আপুনি নহয়। “ম‍ই লিখিছোঁ যেতিয়া ৰাইজে পঢ়িব‍ই” বুলি গপতে গংগাটোপ হৈ বহি থকাটো লেখক আৰু সাহিত্যৰ পথাৰ দুয়োৰে বাবে ক্ষতিকাৰক। আপুনি যদি জনপ্ৰিয় বিজ্ঞানৰ এখন ৰচনা লিখিবলৈ গৈ নিজে পদাৰ্থ বিজ্ঞানৰ স্নাতক হোৱাৰ যহত এসোপামান উপপাদ্য আৰু গাণিতিক হিচাপেৰে ৰচনা ভৰাই তোলে, সেই ৰচনাৰ অৰ্থ পাঠকৰ মূৰৰ দহ যোজন ওপৰেৰে পাৰ হৈ যাব। আপোনাৰ বুজনশক্তি আৰু সাধাৰণ পাঠকৰ বুজনশক্তিৰ মাজৰ দূৰত্ব‍ই আপোনাৰ কৰ্মৰ সাফল্য নিৰূপণ কৰিব, কেৱল আপোনাৰ বুজনশক্তিয়ে নহয়।

এজন সমালোচকে বস্তু এটাৰ কেৱল ভাল দিশবোৰহে আঙুলিয়ালে আমি আনন্দিত হৈ পৰোঁ। কিন্তু সেই আনন্দই ভৱিষ্যতৰ কৰ্মবোৰৰ বাবে এটা ত্ৰুটিপূৰ্ণ কাৰকক ভূমিকা ল’ব পাৰে; সেয়া হিতে বিপৰীতহে হ’ব। সমালোচকজনৰ কথাখিনি সম্পূৰ্ণ নহ’ব পাৰে, তেওঁ সেই কামৰ বিশাৰদ নহ’ব পাৰে, বা তেওঁ সেই সমালোচনা “ইতিবাচক” বুলি নাভাবিব পাৰে। আপুনিহে হয়তো সমালোচনাটো ইতিবাচক বুলি হৃদয়ংগম কৰিলে। তেনে আপাত-মধুৰ সমালোচনাক সাৰোগত কৰি “ম‍ই কৰা কাম ভাল হ’ব‍ই হ’ব” বুলি কৰা একে স্তৰৰ কামে আপোনাক আগলৈ মুখ ঠেকেছা খুৱাব পাৰে। যদি সঁচাকৈয়ে সমালোচনাটো উন্নত মানৰ আৰু বহুলাংশে ইতিবাচক, আপুনি সেই ইতিবাচক দিশবোৰক ভেটি কৰি নিজৰ কামটোক অধিক প্ৰশংসনীয় কৰি তুলিব পাৰে। বা আপুনি জানিব যে কামটোত বৃহৎ সালসলনিৰ প্ৰয়োজন নাই, সৰু সৰু কথাবোৰ সুসংগতভাৱে উপস্থাপন কৰিলে সেইটো আৰু মনোমোহা হৈ উঠিব। বিষয় এটাৰ বিশাৰদ নোহোৱাকৈ সেই বিষয়ৰ কোনো কামৰ সমালোচনা কৰিব নোৱাৰি বুলি কোৱাটোও ভুল হ’ব। ওপৰৰ পৰিচ্ছেদত উল্লেখ কৰা সাধাৰণ পাঠকজন কোনো সাহিত্যিক নহয়, সাধাৰণ শ্ৰোতা এজন বিখ্যাত গায়ক নহয়। সেইবুলিয়েই তেওঁলোকৰ মনৰ অনুভৱ আওকাণ কৰাটো আমাৰ জীৱনৰ এক চৰম দোষত পৰিগণিত হ’ব পাৰে।

ধৰা হওক, এজন শ্ৰোতাই জুবিন গাৰ্গৰ গানৰ বেয়া দিশবোৰৰ সমালোচনা কৰিছে। জুবিনৰ লগত তেওঁৰ কোনো পূৰ্বশত্ৰুতা নথকাটো সমালোচনাৰ পূৰ্বচৰ্ত। হ’ব পাৰে জুবিন বৰ্তমান সময়ত অসমৰ শ্ৰেষ্ঠ গায়ক, কিন্তু সেইবুলি কোনো মানুহৰ তেওঁক সমালোচনা কৰাৰ অধিকাৰ নাই নেকি? ওলোটাকৈ চাবলৈ গ’লে কিবা এটা কথাৰ সমালোচনা কৰিলে বুলিয়েই জুবিনৰ সকলো সৃষ্টি বেয়া নেকি? জুবিনৰ অন্ধ সমৰ্থকৰ দৃষ্টিত সমালোচকজন পৰিণত হ’ব এজন মতলবী, তলখাপৰ মানুহ হিচাপেজুবিনক অলপ ভাল, অলপ বেয়া পোৱাবিলাকে তেওঁক বাহ্‌ বাহ্‌ দিব। ইয়াত জুবিনৰ লাভ কি? জুবিনে সেই সমালোচনাৰপৰা শিকিব পাৰে যে তেওঁৰ সৃষ্টিয়ে, তেওঁৰ গায়কীয়ে অসমৰ সকলো শ্ৰোতাক সন্তুষ্ট কৰিব পৰা নাই। তেওঁ আৰু কষ্ট কৰিব পাৰে, আৰু সুন্দৰ গীত লিখিব পাৰে, সুৰ কৰিব পাৰে। অন্ধ সমৰ্থক, আধা সমৰ্থকসকলৰ লাভ কি? তেওঁলোকে ভৱিষ্যতে কেইটামান ভাল গান শুনিবলৈ পাব। সমালোচকৰ লাভ কি? তেওঁ হয়তো ভৱিষ্যতে অসন্তুষ্ট হ’বলগীয়া নহ’বও পাৰে আৰু সমালোচনাৰ সুৰ সলনি হ’ব পাৰে। যাৰ সৃষ্টি তুলনামূলকভাৱে শক্তিশালী, তেওঁ জোৰদাৰ সমালোচনাৰ ঢৌ অনায়াসে সহিব পাৰে আৰু সেয়া নিজৰ ভালৰ বাবে ব্যৱহাৰ কৰিব পাৰে। তাৰ বিপৰীতে দুৰ্বল সৃষ্টি কৰাজনে সমালোচনা সহিব নোৱাৰি ভাগি পৰিব পাৰে। সমালোচকজনৰ মনত এই কথাটোও খেলাই থকাটো আচৰিত নহয়। মানুহ বা বন্ধু চাই সমালোচনা কৰাটো কিছুমান সমালোচকৰ দোষ। তেওঁ এইবোৰ কথাৰ উৰ্ধত হ’ব লাগিব।

উদাহৰণটোক অন্ধ সমৰ্থকজনৰ দৃষ্টিৰে চাওঁ। সমালোচনাটো “নেতিবাচক” বুলি কোৱাটো তেওঁৰ স্বাভাৱিক প্ৰৱণতা। কিন্তু তেওঁ চালি-জাৰি চোৱা উচিত যে সমালোচকজনে সকলো কথাই ঋণাত্মক দৃষ্টিভংগীৰে চাইছে নেকি; সমালোচনাটোত গায়কলৈ শ্ৰোতাৰ পৰামৰ্শ-আব্‌দাৰ সোমাই থকা নাইতো? ভাল সৃষ্টি পোৱাৰ এক আশাৰ সুৰ নাইতো? ঋণাত্মক প্ৰতিক্ৰিয়াৰ বাবে সৃষ্টিৰ ধাৰা বন্ধ নহয়, ইতিবাচক প্ৰতিক্ৰিয়াৰ লগতে ঋণাত্মক প্ৰতিক্ৰিয়াও হ’ব পাৰে ভাল কাম কৰাৰ ইন্ধন। শ্ৰোতা বা পাঠকে আঙুলিয়াই দিয়া এটা ভাল দিশেই অদূৰ ভৱিষ্যতে সকলোৰে মন তোলপাৰ লগোৱা এটা গান বা বিক্ৰীৰ অভিলেখ কৰা এখন কিতাপৰ ভেটিস্বৰূপ হ’ব পাৰে। সমালোচনাটো হয়তো আদিতে ইতিবাচক বা নেতিবাচক নাছিল, জুবিনক ভাল পোৱা বা নোপোৱাৰ ভিত্তিত পাঠকৰ মনত সেয়া তেনে হৈ উঠিল। ৯৯% শতাংশ মানুহে বেয়া পোৱা গান এটা কাৰোবাৰ মনত ভাল হ’ব পাৰে, কাৰণ সেয়া তেওঁৰ “মনে কৈছে”। গানটোৰ প্ৰকৃত গুণাগুণ (৯৯% মানুহৰ মতৰ ভিত্তিত) তেওঁৰ বাবে গৌণ।

একেধৰণৰ আন এটা উদাহৰণ দিব পাৰি কংগ্ৰেছক সমালোচনা কৰাক লৈ। বহুতৰে মনত ভাৱ যে কংগ্ৰেছৰ নেতিবাচক সমালোচনা কৰিলেই মানুহজন ভাৰতীয় জনতা দল বা অগপৰ সমৰ্থক বা অগপক সমালোচনা কৰা মাত্ৰেই মানুহজন কংগ্ৰেছী। কিন্তু প্ৰকৃতাৰ্থত তেনে হয়নে? মানুহজনে হয়তো চৰকাৰৰ নীতি, কাম-কাজকহে গালি পাৰিছে, ভাল কামৰ লগত (গতিকে কংগ্ৰেছৰ ভাল কামৰ লগত) তেওঁৰ কোনো শত্ৰুতা নাই। তেওঁ ভাবিছে যে তেওঁৰ সমালোচনাই চৰকাৰক কিবা এটা সঠিক পদেক্ষেপ ল’বলৈ বাধ্য কৰিব পাৰে। সেই ফালৰপৰা চাবলৈ গ’লে তেওঁৰ মনোভাৱ আছিল ইতিবাচক। কিন্তু কংগ্ৰেছৰ দুৰ্ঘোৰ সমৰ্থক এজনৰ বাবে সেয়া হৈ পৰিল নেতিবাচক সমালোচনা। গতিকে এতিয়া দুয়োজনৰ মাজত অহি-নকুল সম্পৰ্কৰ সৃষ্টি হ’ল, যিটো কোনেও নিবিচাৰে। মনৰ বিশেষ অৱস্থাই পলকতে সমালোচনাৰ সুৰ আপোনাৰ বাবে সলাই পেলাব পাৰে।

শিশুকাল আৰু বয়সসন্ধি কালছোৱাত অত্যাধিক নেতিবাচক সমালোচনাই ভৱিষ্যত জীৱনত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ব্যক্তিগত স্তৰত সমালোচনাৰ সন্মুখীন হোৱাটো প্ৰাপ্তবয়স্কৰ বাবে অতি কঠিন কাম হ’ব যেন নালাগে। যদি আপোনাৰ ক্ষেত্ৰত সেই সমালোচনা অপ্ৰযোজ্য বুলি ১০০% নিশ্চিত, তেন্তে সেয়া আওকাণ কৰক। যদি প্ৰযোজ্য তেন্তে তাক আপোনাৰ ভালৰ বাবে সালসলনি কৰক। আপোনাৰ জীৱনত প্ৰতিটো সমালোচনাৰে মূল্য বিচাৰ কৰি সেয়া যোগাত্মক কামৰ বাবে ব্যৱহাৰ কৰক (লাগিলে সমালোচনা যিমানে নেতিবাচক নহওক কিয়)। কিন্তু সমালোচনাক ভালদৰে হৃদয়ংগম কৰিব নোৱাৰিলে ই যে কেইবাদিনো আপোনাৰ নিদ্ৰা হৰণ কৰিব সেয়া ধুৰুপ।


সমালোচনা প্ৰায়েই সমালোচকৰ কলমত নাথাকে, থাকে পঢ়োঁতাৰ মনত।