October 22, 2014 | By: গীতাৰ্থ বৰদলৈ

লে'ট্‌ছ ফুটবল!


'ইণ্ডিয়ান ছুপাৰ লীগ' আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় ফুটবল প্ৰেমীসকলৰ মাজত এক আনন্দৰ লহৰ বৈ পৰা দেখা গৈছে। ডেল পিয়েৰ', ট্ৰেজেগুৱেট, পিৰেছক আগতেনো কেতিয়া সপ্তাহৰ পিছত সপ্তাহ ভাৰতৰ মাটিত ফুটবল খেলি থকা দেখা পাইছিল। তেওঁলোক খেলুৱৈ জীৱনৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে, আগৰ দৰে খেলত চমক নাই। তথাপিও অ'ল্ড ইজ গ'ল্ড! গ্লেমাৰৰ কোবৰ ৰাতাৰাতি অগণন মানুহ ফুটবল 'ফেন' হৈ পৰা দেখা গৈছে। ফুটবলৰ '' বুজি নাপালেও শচীন, জনক চাবলৈ তেওঁলোকৰ হেতা-উপৰা! কোনো কথা নাই, জনৰ লগতে ফুটবল চাই চাই সকলো এসময়ত ফুটবল বলীয়া হৈ পৰিব (কিন্তু নহ'বও নুপুজিবও পুতুল বৰাৰ সমান)।

গুৱাহাটী ফ্ৰেন্সাইজিৰ দল 'নৰ্থ ইষ্ট ইউনাইটেড এফ চি' নাম এতিয়া অসমৰ সকলো লোকৰ মুখে মুখে। দলটোত আছে বিশ্বকাপজয়ী স্পেইনৰ খেলুৱৈ জুৱান কেপ্‌ডেভিলা। ২০১০ চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত স্পেইনৰ দলটোত কেপ্‌ডেভিলাই আছিল ৰিয়েল মাড্ৰিড বা বাৰ্চিলোনা ক্লাবৰ হৈ নেখেলা একমাত্ৰ খেলুৱৈ। দলটোত অসমৰ যুৱ খেলুৱৈ দূৰ্গা বড়ো আৰু এলেন দেউৰীও আছে। সকলোৱে আশা কৰিছে যে অভিজ্ঞ বিদেশী খেলুৱৈসকলৰ পৰা অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ তুলনামূলকভাৱে অনভিজ্ঞসকলে ন-ন কৌশল শিকি ভাৰতীয় ফুটবলক আগুৱাই লৈ যাব। ইংলিছ প্ৰিমিয়াৰ লীগ আৰু স্পেনীছ লা লিগা চোৱাত অব্যস্ত ৰাইজৰ বাবে ইণ্ডিয়ান ছুপাৰ লীগ চোৱা অসহজ হ'ব পাৰে, তথাপিও ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ দৈন্যলৈ মনত পেলাই বাদামগুটি চোবাই চোবাই নৰ্থ ইষ্ট ইউনাইটেডৰ খেলকেইখন সম্পূৰ্ণকৈ চাইছোঁ।  ফে'চবুকত এই দলটোৰ খেলৰ বিষয়ে বিশেষ পঢ়িবলৈ পোৱা নাই, সকলোৱে এশাৰী-দুশাৰীৰ উৎসাহমূলক বাণীহে প্ৰকাশ কৰা চকুত পৰিছে।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি-ৰ প্ৰথম প্ৰতিদ্বন্দ্বী আছিল কেৰালা এফ চি। খেলখনত ইউনাইটেডৰ বাবে ধনাত্মক দিশ নথকা নহয়, কিন্তু নূন্যতম ব্যৱধানৰ জয়লাভে দলটোৰ দোষ-ত্ৰুটিবোৰ ঢাকি ৰাখিলে। সকলোৱে কেৱল ক'কেৰ গ'ল আৰু দূৰ্গাৰ কোবাল শ্বটৰ কথাহে ক'লে। প্ৰথমখন খেলত জয়লাভ কৰিয়েই উৎসাহিত হৈ পৰা নিউজিলেণ্ডীয় প্ৰশিক্ষকজনে কৰোৱা প্ৰস্তুতিতো হয়তো কিছুমান কেণা ৰৈ গ'ল। যাৰ ফল দেখা পোৱা গ'ল ইউনাইটেডৰ দ্বিতীয় আৰু তৃতীয় খেলত। প্ৰথমখন খেলত ইউনাইটেডৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল ইংৰাজ খেলুৱৈ জেম্‌ছ কীনে। সতীৰ্থৰ লগত বুজাবুজি আৰু গতিৰ অভাৱৰ ফলত তেওঁ বিশেষ সুবিধা আদায় কৰিব নোৱাৰিলে। তাৰ বিপৰীতে তেওঁৰ পিছফালে খেলা দূৰ্গা বড়োক তুলনামূলকভাৱে সপ্ৰতীভ ৰূপত দেখা পোৱা গ'ল। চুটি চুটি পাছেৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ লগতে তেওঁ বহু দূৰৰ পৰ মৰা কোবাল শ্বটটো কেৰালা এফ চিৰ গ'লকীপাৰ ডেভিদ জেম্‌ছে কোনোমতেহে গ'ল হোৱাৰ পৰা বচালে (স্মতৰ্ব্য যে ডেভিদ জেম্‌ছে ইংলেণ্ডৰ জাতীয় দলৰ হৈ ৩৩ খন খেলত অংশ লৈছিল আৰু প্ৰিমিয়াৰ লীগৰ সৰ্বাধিক ক্লিন শ্বিটৰ অভিলেখ তেওঁৰ নামতে আছে)। আৰম্ভণিতে কেৰালাৰ মিড্‌ফিল্ডাৰ অৰ্জিয়ে কেইবাবাৰো ইউনাইটেডৰ ৰক্ষণ বিভাগক নগুৰ-নাকতি কৰিছিল যদিও প্ৰথমাৰ্ধৰ শেষৰফালে ইউনাইটেডৰ চাৰ্জিঅ' পাৰ্ড' "'কে"ই লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে। প্ৰথমাৰ্ধ শেষ হোৱাৰ কিছু পূৰ্বে তেওঁ কৰা গ'লেৰেই শেষত নৰ্থ ইষ্ট ইউনাইটেডে জয়লাভ কৰিবলৈ সক্ষম হয়। কেপ্‌ডেভিলাই ৰক্ষণ বিভাগ সংগঠিত কৰি ৰাখি বহুবাৰ কেৰালাৰ আক্ৰমণ প্ৰতিহত কৰে। তেওঁলোকৰ 'অফ্‌ চাইড ট্ৰেৰ্প্‌' খেল আছিল লক্ষণীয়। খেলখনত ক'কেৰ লগতে আন এটা উজ্জ্বল দিশ আছিল ইউনাইটেডৰ গ'লকীপাৰ আৰু গ্ৰীছ জাতীয় দলৰ প্ৰাক্তন খেলুৱৈ এলেক্সেণ্ড্ৰছ জ'ৰভাছৰ প্ৰদৰ্শন। ৰক্ষণ বিভাগে হাত দাঙি দিয়া মুহূৰ্তবোৰত জ'ৰভাছে সোঁৱে-বাঁৱে জঁপিয়াই গ'ল প্ৰতিহত কৰে। খেলৰ শেষৰফালে অহা কোৰিয়ান খেলুৱৈ ড' ডঙৰ সুতীব্ৰ ড্ৰিব্‌লিঙে কেৰালাৰ ৰক্ষণ বিভাগক দুই-তিনিবাৰ বিপদত পেলাইছিল। ইয়াৰ বিপৰীতে কেৰালাৰ চাব্‌ষ্টিটিউট মাইকেল চ'প্ৰাই ইউনাইটেডৰ খেলুৱৈৰ মূৰৰ কামোৰণি তোলে।

দ্বিতীয়খন গৃহ খেলত ইউনাইটেডৰ সন্মুখত আছিল 'ফাটাফাটি' খেলৰ প্ৰতিশ্ৰুতি দিয়া এট্‌লেটিক' ডি কলকাতা। ইতিমধ্যে মুম্বাইৰ বিপক্ষে প্ৰথমখন খেলতে তেওঁলোকে সেই প্ৰতিশ্ৰুতি বহুলাংশে পূৰণ কৰিছিল। গতিকে নৰ্থ ইষ্ট ইউনাইটেডৰ মিড্‌ফিল্ড আৰু ৰক্ষণ বিভাগ বেছিকৈ সতৰ্ক হোৱাৰ প্ৰয়োজন আছিল। কিন্তু ইণ্ডিয়ান চুপাৰ লীগৰ প্ৰথম গ'লদাতা ইথিঅ'পিয়াৰ ষ্ট্ৰাইকাৰ ফিক্ৰ'ৰ আক্ৰমণত আৰম্ভণিৰে পৰা ইউনাইটেডৰ ৰক্ষণ চেদেলি-ভেদেলি হৈ পৰা দেখা গ'ল। ডিফেণ্ডাৰকেইজনে মাজে সময়ে বহু খালি ঠাই এৰি দিয়াৰ ফলত কলকাতাৰ ফৰৱাৰ্ডকেইজনৰ গাখীৰতে ম'হৰ খুঁটি হোৱা যেন হৈছিল। এলেক্সেণ্ড্ৰছ জ'ৰভাছ ফৰ্মত নথকা হ'লে সেইদিনা ইউনাইটেডে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলেহেঁতেন। ইউনাইটেডৰ ষ্ট্ৰাইকাৰ জেম্‌ছ কীনৰ শামুকীয়া গতিয়ে কলকাতাৰ ৰক্ষণ বিভাগক একো আমনি দিব নোৱাৰিলে। দূৰ্গা বড়োৰ প্ৰদৰ্শন আছিল হতাশাজনক। সন্মুখত খালি ঠাই বিচাৰিব নোৱাৰি তেওঁ বাৰে বাৰে কাষলৈ আহি আক্ৰমণৰ পথ বিচাৰিছিল যদিও সফল নহ'ল। ক'কেৰ বাহিৰে আন খেলুৱৈসকলৰো পাছিং আছিল অতি দুৰ্বল। ক'কেই আক্ৰমণ আৰু ৰক্ষণ দুয়োটাতে আগভাগ লয় আৰু দুই-এবাৰ সতীৰ্থক আগুৱাই যাবলৈ নিৰ্দেশ কৰাও দেখা গ'ল। আগৰখন খেলৰ দৰেই ড' ডঙে কেইবাবাৰো অকলে বল লৈ বক্সৰ ওচৰলৈ আহিছিল কিন্তু আন খেলুৱৈৰ সঁহাৰি নাপালে। খেল শেহ হোৱাৰ আগতে মোৰ মনলৈ ভাৱ আহিছিল যে মাত্ৰ এগ'ল খোৱাটোৱেই এইখন খেলৰ মূল ধনাত্মক দিশ কিন্তু অলপ পাছতে কলকাতাই দ্বিতীয়টো গ'ল দিবলৈ সমৰ্থ হয়।

তৃতীয়খন খেলত ইউনাইটেডৰ বিপক্ষ আছিল এফ চি গোৱা। ব্ৰাজিলৰ কিংবদন্তি খেলুৱৈ জিক'ই প্ৰশিক্ষণ দিয়া গোৱাই নৰ্থ ইষ্টক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি বহুতে মনতে ভাবিছিল। দলটোত আছে বিশ্বকাপ জয়ী ফৰাছী খেলুৱৈ চল্লিছ বছৰীয়া ৰবাৰ্ট পিৰেছ (ফৰাছী উচ্চাৰণ হবেস্‌ পিহেস্‌!)। এসময়ত আৰ্ছেনেল ক্লাবত দপ্‌দপাই থকা পিৰেছৰ অৱশ্যে আগৰ দৰে প্ৰভাৱ নাই। আগৰ খেল দুখনত জেম্‌ছ কীনৰ হতাশাজনক প্ৰদৰ্শনৰ পাছত এইখন খেলত আচৰিতভাৱে দূৰ্গা বড়োৱে ষ্ট্ৰাইকাৰৰ ভূমিকা লয়। তাতোকৈ আচৰিতভাৱে এলেক্সেণ্ড্ৰছ জ'ৰভাছৰ ঠাইত ৰেহেনেছ নামৰ গ'লকীপাৰজনক সুযোগ দিয়া হয় আৰু ফলত এজন অতিৰিক্ত বিদেশী খেলুৱৈ ড' ডঙে খেলিবলৈ পায়। আৰম্ভণিৰ পৰা ইউনাইটেডে কেইবাবাৰো আক্ৰমণ ৰচনা কৰে আৰু সকলো আক্ৰমণৰ গুৰিতে আছিল ক'কে। কিন্তু প্ৰথমাৰ্ধত গ'লকীপাৰ ৰেহেনেছৰ এটা ভুলৰ সুযোগ লৈ গোৱাই এগ'ল দিয়ে। ইয়াৰ পিছত ইউনাইটেডে 'ল দিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও গোৱাৰ গ'লকীপাৰ চেডা আছিল দুৰ্দান্ত ফৰ্মত। শেষত এটা বিতৰ্কিত পেনাল্টীৰ জৰিয়তেহে ক'কেই ইউনাইটেডৰ হৈ সমতা স্থাপন কৰে। খেলখনত 'ল দিয়াৰ অসংখ্য সুযোগ পায়ো নৰ্থ ইষ্ট ইউনাইটেড ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। দূৰ্গা বড়োৱে গোটেই খেলখনত একো সুবিধা আদায় কৰিব নোৱাৰিলে আৰু ডিফেণ্ডাৰসকলৰ লগত হোৱা খুন্দাখুন্দিত প্ৰতিবাৰে মাটিত বাগৰি পৰে। ডিফেন্সিভ মিড্‌ফিল্ডত ইছাক চান্সাই ভাল খেল প্ৰদৰ্শন কৰে।

তিনিওখন খেলতে নৰ্থ ইষ্ট ইউনাইটেডৰ দুৰ্বল দিশ আছিল ষ্ট্ৰাইকাৰৰ প্ৰদৰ্শন। গতি আৰু কৌশলৰ অভাৱী জম্‌ছ কীনে যেনেকৈ ভাল সুযোগবোৰৰ সুবিধা ল'ব নোৱাৰিলে, তেনেকৈ শাৰীৰিকভাৱে দুৰ্বল দূৰ্গা বড়োৱে ডিফেণ্ডাৰকেইজনক বাধা দি ৰাখিব নোৱাৰিলে। দূৰ্গা বড়োৰ বাবে মিড্‌ফিল্ডেই উপযুক্ত স্থান বুলি ধাৰণা কৰিব পাৰি। তৃতীয়খন খেলত কলম্বিয়াৰ ষ্ট্ৰাইকাৰ লুইছ পেডিলাই কিছু সময় খেলে যদিও তেওঁৰ প্ৰদৰ্শনো চকুতলগা নাছিল। বাকীকেইজনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁ হয়তো খেলিবলৈ আৰু সুযোগ লাভ কৰিব। ক'কেই ষ্ট্ৰাইকাৰ ভূমিকা ল'ব পাৰে, কিন্তু চুটি চুটি পাছেৰে মিড্‌ফিল্ডৰ পৰা আক্ৰমণলৈ বল আগুৱাই অনাত তেওঁৰ সমান দক্ষ খেলুৱৈ দলত দ্বিতীয় এজন নাই। গতিকে ক'কেই চেণ্ট্ৰেল মিড্‌ফিল্ডত বা ষ্ট্ৰাইকাৰ পিছফালে খেলাই ভাল হ'ব। ড' ডঙকো False 9 হিচাপে খেলুৱাই চাব পাৰি। গতি আৰু ড্ৰিব্‌লিঙেৰে ৰক্ষণ বিভাগক পৰাস্ত কৰাৰ ক্ষমতা তেওঁৰ আছে।

ইউনাইটেডৰ আন এটা দুৰ্বল দিশ ৱিংগ প্লে'ৰ অভাৱ। ড' ডঙৰ বাহিৰে গে'ইটে, মিলন সিং, দূৰ্গা বড়ো কোনোৱেই ৱিঙত নিয়মীয়াকৈ প্ৰতিপক্ষৰ ডিফেণ্ডাৰক পৰাস্ত কৰিব পৰা নাই। মাজে মাজে ৱিংগ বেক ৰবিন গুৰুং আৰু টমাছ জ'ছেলহে চাইড্‌লাইনত দৌৰি বিপক্ষৰ বক্সলৈ ক্ৰছ্‌ কৰাৰ চেষ্টা কৰিছে (বিশেষকৈ তৃতীয়খন খেলত)। ৱিংগ প্লে'ৰ ক্ষেত্ৰত কলকাতাৰ চাহ্‌নীৰ খেল চকুতলগা বিধৰ। এই দিশত প্ৰশিক্ষকে গুৰুত্ব দিলে ভাল। নহ'লে মিড্‌ফিল্ডৰ পাছিং ক্ষিপ্ৰ আৰু নিখুঁত 'ব লাগিব যিটো এতিয়া হোৱা নাই। খেলুৱৈবোৰে বেছিকৈ বক্সলৈ লং পাছদিছে কিন্তু ভুল পাছৰ লগতে শাৰীৰিকভাৱে শক্তিশালী আৰু কৌশলী ষ্ট্ৰাইকাৰৰ অভাৱত পাছ্‌বোৰ অথলে গৈছে। শাৰীৰিক সক্ষমতাৰ অভাৱৰ কথাও নিশ্চয় দৰ্শকৰ চকুত পৰিছে। প্ৰথমখন খেলত কেইবাজনো খেলুৱৈ ভৰিত ধৰি বহি পৰিছিল যদিও পাছৰ খেলকেইখনত তেনে পৰিস্থিতি উদয় নহ'ল। বিপক্ষৰ ডিফেণ্ডাৰৰ ফালে পিঠি দি তেওঁলোকক বাধা দিৰাখিব নোৱৰাৰ ফলত ইউনাইটেডৰ বহু সুযোগৰ অপচয় হৈছে। চেণ্ট্ৰেল ডিফেণ্ডাৰ দুজনৰ গতি কম গোৱা বাবে বিপক্ষৰ তীব্ৰবেগী ষ্ট্ৰাইকাৰে তেওঁলোকক বিপদত পেলাব পাৰে। 

নৰ্থ ইষ্ট ইউনাইটেডৰ পৰৱৰ্তী খেল আছে মুম্বাই চিটী এফ চি-ৰ লগত। আশা কৰোঁ সেইখন খেলত আমাৰ খেলুৱৈকেইজনে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিব আৰু পিছৰ ৰাউণ্ডলৈ এঢাপ আগবাঢ়িব। আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিজ্ঞতাৰে পুষ্ট বিদেশী খেলুৱৈকেইজনৰ পৰা স্থানীয় খেলুৱৈসকলে যে বাৰুকৈ উপকৃত হ'ব সেয়া নক'লেও হয়। ফুটবলৰ মানচিত্ৰত ভাৰতৰ স্থান উন্নীত কৰাৰ ক্ষেত্ৰত ইণ্ডিয়ান ছুপাৰ লীগে ততাতৈয়া পদেক্ষেপ নল'লেও উপযুক্ত প্ৰশিক্ষণ প্ৰণালীৰ লগত মিলি অদূৰ ভৱিষ্যতে ই ভাল ফল দেখুওৱাৰ আশা কৰিছোঁ।

August 9, 2014 | By: গীতাৰ্থ বৰদলৈ

নিদাঘ পুৰাণ


বৰ্তমান সততে দেখা পোৱা এটা দৃশ্য- দুখন ঠাইৰ দুজন মানুহে কথা পাতিবলৈ লৈ এজনে আনজনক সুধিছে, “আপোনালোকৰ তাত গৰম কেনেকুৱা হে?” বা মানুহ দুজন একে ঠাইৰে হ’লে সোধে, “উঃ বৰ গৰম পৰিছে নহয়নে?” আগষ্ট মাহৰ মাজভাগ পালহি আৰু সূৰ্য্যৰ ‘ফৰ্ম’ ব্যাহত হোৱাৰ নাম-গোন্ধ‌ই নাই। মানুহে ঘৰৰ বাহিৰত, ঘৰৰ ভিতৰত ছাটি ফুটি কৰিছে। শীতল পানীয় আৰু ফলৰ ৰসৰ আদৰ বাঢ়ি গৈছে। ল’ৰাৰ ডিঅ’ লগোৱাৰ কোব বাঢ়িছে, ছোৱালীবোৰে দাপোণত নিজকে চাই ক’লা পৰিছে বুলি উস্‌ আস্‌ কৰিছে। মুঠতে এটা অস্থিৰ পৰিবেশ। তাৰ মাজতে হয়তো আপোনালোকে দেখা পাব যে দুই-এজন মানুহ কিছু সময়ৰ বাবে গৰমত ঢলি পৰিছে বা কিছুমানে ভৰিৰ তলভাগ খামুছি ধৰিছে। কিহৰ বাবে তেওঁলোকৰ এনে হ’ল? গৰমত সাধাৰণ নিৰ্জলীকৰণৰ (ডিহাইড্ৰেচন) লগতে হিট্‌ এক্‌জচ্চন, হিট্‌ চিন্‌কপি বা হিট্‌ ষ্ট্ৰ’কৰ বাবে এনে সমস্যা হ’ব পাৰে।
 
নিৰ্জলীকৰণ নিজে এটা ৰোগ নহয়, আন ৰোগৰ লক্ষণহে। গৰমত শৰীৰৰ বাবে প্ৰয়োজনীয় তৰলসমূহ (যেনে-পানী, পিছৰ অংশত সৰলকৈ কেৱল পানী বুলি কোৱা হ’ব) আৰু লৱণৰ অভাৱ ঘটিলে সেই অৱস্থাক ‘নিৰ্জলীকৰণ’ বোলা হয় (লৱণ বুলিলে কেৱল খোৱা নিমখ নহয়, ৰসায়ন বিজ্ঞানত পঢ়াৰ দৰে অম্ল আৰু ক্ষাৰকৰ বিক্ৰিয়াত উৎপন্ন দ্ৰব্যক বুজোৱা হৈছে)। হাগনি, বমি, কিছুমান ঔষধ, অত্যাধিক গৰম, অনিয়ন্ত্ৰিত মধুমেহ ৰোগ, জুয়ে পোৰা আদি বহুতো কাৰণৰ শৰীৰৰ পানীভাগ ওলাই যাব পাৰে। সাধাৰণ অৱস্থাত প্ৰস্ৰাৱ, মল, ঘাম আদিত সদায় শৰীৰৰ পৰা কিছু পানী ওলাই যায়। কিন্তু পিয়াহ অনুভৱ কৰা লগে লগে আমি পানী বা আন জুলীয়া বস্তুৰে সেই অভাৱ পূৰণ কৰোঁ। জহকালি পিয়াহ বাঢ়ি যায় আৰু গতিকে আমি বেছি পৰিমাণৰ পানী গলাধঃকৰণ কৰোঁ। এইটো স্বাভাৱিক নিয়ম। পানী খোৱাৰ পৰিমাণ কমিলে/নাইকিয়া হ’লে আৰু পানী ওলাই গৈয়েই থাকিলে সেইটো অনিয়ম। শৰীৰত পানীৰ পৰিমাণ আৰু তাৰ লগতে প্ৰয়োজনীয় পদাৰ্থ ছ’ডিয়াম, পটাছিয়াম, বাইকাৰ্ব’নে’ট আদি কমি গ’লে সমস্যাৰ সৃষ্টি হয়। সোনকালে চিকিৎসা নকৰিলে নিৰ্জলীকৰণত জীৱনৰ টনাটনিও হ’ব পাৰে। বয়সীয়াল লোক, কেঁচুৱা, শিশু, খেলুৱৈ আদি নিৰ্জলীকৰণত ভোগাৰ সম্ভাৱনা বেছি (ক্ৰিকেটাৰসকলে গৰমত ঘামি-জামি শতক কৰাৰ পিছতে  ভৰিত খামুছি বহি পৰা নিশ্চয় লক্ষ্য কৰিছে)।

নিৰ্জলীকৰণত দেখা পোৱা উপসৰ্গসমূহে ব্যক্তিজনক সতৰ্ক কৰি দিয়ে যাতে তেওঁ তৰল বস্তু খায়। ইয়াত ভিতৰত পিয়াহ লগা, ছালৰ শুকান অৱস্থা, মুখগহ্বৰ শুকাই যোৱা, প্ৰস্ৰাৱ কমকৈ হোৱা, হালধীয়া প্ৰস্ৰাৱ, খুব ভাগৰ লগা, পেশী টানি ধৰা (Muscle Cramp), ঘন ঘন উশাহ, ঘন হৃদয়স্পন্দন আদি মুখ্য। সৰু ল’ৰা-ছোৱালীক নিৰ্জলীকৰণৰ বাবে পৰীক্ষা কৰোঁতে জিভাৰ শুকান অৱস্থা, চমু কোটৰত সোমোৱা, প্ৰস্ৰাৱৰ পৰিমাণ, চকুপানী আছেনে নাই, ছালৰ স্থিতিস্থাপকতা, খিংখিঙীয়া ভাৱ আদি লক্ষ্য কৰা হয়।

নিৰ্জলীকৰণ পুনৰ্জলীকৰণেৰে (rehydration) স্বাভাৱিক কৰা হয়। কম (Mild) আৰু মধ্যমীয়া (moderate) নিৰ্জলীকৰণ ঘৰতে ঠিক কৰিব পাৰি। শিশুৰ ক্ষেত্ৰত নিৰ্জলীকৰণৰ কাৰণ ভেদে দিবলগীয়া জুলীয়া পদাৰ্থৰ পৰিমাণ ভিন্ন হ’ব পাৰে আৰু এই পৰিমাণ নিৰ্ভুল হ’ব লাগিব। গতিকে ঘৰতে নিজে চিকিৎসা কৰাতকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কম আৰু মধ্যমীয়া নিৰ্জলীকৰণৰ বাবে অ’ আৰু এছ (Oral rehydration salt) অমৃতস্বৰূপ। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) অনুমোদিত এপেকেট অ’ আৰ এছ এক লিটাৰ বিশুদ্ধ পানীত মিহলাই লৈ ২৪ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰা উচিত। বেছি (Severe) নিৰ্জলীকৰণ হ’লে তেনে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা উচিত। তেওঁলোকৰ চিকিৎসাৰ বাবে ৰিংগাৰ্ছ লেক্‌টে’ট (Ringer’s lactate, RL) ছ’ল্যুচন সিৰাত দিয়া হয়। কেফেইনযুক্ত পানীয় যেনে কফি, চাহ, চ’ডা আদিবোৰ একে ক্ষেত্ৰত পৰিহাৰ কৰাই শ্ৰেয়। যদি গৰমৰ বাবে নিৰ্জলীকৰণ হোৱা নাই তেন্তে উপযুক্ত ঔষধেৰে নিৰ্দিষ্ট কাৰণৰ চিকিৎসা কৰা উচিত। নিৰ্জলীকৰণ ঠিক নকৰিলে ই আন ৰোগৰ বিপদাশংকা বঢ়াব পাৰে।

সূৰ্য্যৰ লগত বেছিকৈ ফেপেৰি পাতিলে নিৰ্জলীকৰণৰ লগতে আগতে কোৱাৰ দৰে হিট্‌ চিন্‌কপি, হিট্‌ ষ্ট্ৰ’ক আদি ৰোগ হ’ব পাৰে। দেহৰ বিপাক ক্ৰিয়া (Metabolism), পেশীৰ সংকোচন-প্ৰসাৰণ আদিৰ জৰিয়তে এক নিৰ্দিষ্ট পৰিমাণৰ তাপ উৎপন্ন হয়। সঞ্চালন (conduction),  বাষ্পীভৱন (evaporation) আদিৰে সেই তাপ দেহৰ পৰা ওলাই যায়। মগজুৰ “হাইপ’থালামাছ” (hypothalamus) নামৰ অংশটোৱে আমাৰ দেহৰ তাপ নিয়ন্ত্ৰণ কৰে। ই শৰীৰৰ অভ্যন্তৰৰ তাপ (core body temperature ) ৩৭± ০.৫° চেল্‌চিয়াছ কৰি ৰাখে। এই উষ্ণতাত দেহৰ বিপাক ক্ৰিয়াবোৰ সুচাৰুভাৱে চলি থাকে। অত্যাধিক গৰম, কিছুমান সংক্ৰমণ, থাইৰ’ইডৰ ৰোগ আদিয়ে এই ছে’ট প‌ইণ্টটোত খেলিমেলি লগাই শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰা বঢ়াই দিয়ে।

গৰম, আৰ্দ্ৰতাপূৰ্ণ দিনত বেছি পৰিশ্ৰম কৰিলে ‘হিট্‌ ক্ৰেম্প’ নামৰ মাংসপেশীৰ যন্ত্ৰণাদায়ক সংকোচন হ’ব পাৰে। এই অৱস্থাত শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰাৰ খেলিমেলি নহয়। ব্যক্তিজনৰ পানীৰ লগতে লৱণৰ অভাৱ পূৰণ কৰিলে লাহে লাহে ভাল হৈ আহে।

গৰমত বেছি সময় থিয় হৈ থাকিলে বা কাম কৰিলে মানুহ মূৰ্চ্ছা যাব পাৰে। ইয়াক ‘হিট্‌ চিন্‌কপি’ বোলা হয়। এই অৱস্থাত ৰক্তচাপ আৰু হৃদয়স্পদনৰ গতি কমি যায়। ব্যক্তিজনক চেঁচা ঠাই এটুকুৰাত বিচনাত শুৱাই লৈ অলপ সময়ৰ বাবে ভৰি দুখন দাঙি দিব লাগে। ইয়াৰ লগতে নিৰ্জলীকৰণৰ চিকিৎসাও আৱশ্যক।  

গৰম, আৰ্দ্ৰতাপূৰ্ণ বতৰত অতি বেছি পৰিশ্ৰম কৰোঁতে যদি পানী-লৱণৰ অভাৱ ঠিকমতে পূৰণ কৰা নহয় তেন্তে ‘হিট্‌ এক্‌জচ্চন’ নামৰ অৱস্থাই দেখা দিয়ে। শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰা বঢ়ি যায়। তেওঁক গৰম ঠাইৰ পৰা আঁতৰাই গোতেই গাতে জলপটি দি চেঁচা কৰিব লাগে। ততালিকে পুনৰ্জলীকৰণ কৰা উচিত। সোনকালে চিকিৎসা নকৰিলে ই “হিট্‌ ষ্ট্ৰ’ক”ৰ পৰ্যায় পাব পাৰে।
আমি স্বাভাৱিক অৱস্থাত ঘামৰ জৰিয়তে অতিমাত্ৰা তাপ এৰি দি নিজকে ঠাণ্ডা কৰি ৰাখোঁ। গৰম, আৰ্দ্ৰতাপূৰ্ণ ঠাই আৰু অতিমাত্ৰা পৰিশ্ৰমৰ সংযোগে শৰীৰৰ এনে চেঁচা হোৱা কৌশল বিকল হৈ পৰে আৰু অভ্যন্তৰৰ তাপ বিপজ্জনকভাৱে বাঢ়ি যায়। তেতিয়া মূৰৰ বিষ, বমিৰ ভাৱ, বমি, মূৰ ঘূৰণি, দিগ্‌ভ্ৰম, চট্‌ফটনি, বিভ্ৰান্তি, কঁপনি, শুকান ঘামবিহীন ছাল আদি লক্ষণৰ লগতে ব্যক্তিজন চেতনাহীন হ’ব পাৰে। ব্যক্তিজনক ততালিকে ঘৰৰ ভিতৰলৈ নি কাপোৰ-কানি খুলি দিব লাগে, ভৰি দুখন দাঙি দিব লাগে, গাত পানী ছটিয়াব লাগে, বিজুলীপাংখাৰে দেহ শীতল কৰিব লাগে আৰু কাষলতিৰ তল, কৰঙনৰ চুকত বৰফ দিব লাগে। এই কামখিনি কৰাৰ পাছত তেওঁক যিমান সোনকালে পাৰি চিকিৎসাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে।


জহকালি ল’বলগীয়া সাৱধানতা:
  • যথেষ্ট পৰিমাণৰ পানীয় খাওক। বাহিৰত কাম কৰোঁতে নিৰ্জলীকৰণৰ সম্ভৱনা বঢ়াব পৰা চাহ, কফি আদি পানীয় পৰিহাৰ কৰক।
  • পাতল ৰঙৰ অগধুৰ আৰু অলপ ঢিলা কাপোৰ পৰিধান কৰক।
  • ছাতি ব্যৱহাৰ কৰক (ল’ৰাক অৱশ্যে বাধ্য কৰোৱা টান!)
  • সম্ভৱ হ’লেই ছাঁ পৰা ঠাইত বিশ্ৰাম কৰক।
  • গৰম, আৰ্দ্ৰতাপূৰ্ণ দিনৰ ঘৰৰ বাহিৰত কঠোৰ শাৰীৰিক পৰিশ্ৰম পাৰ্যমানে এৰাই চলক।

 
June 13, 2014 | By: গীতাৰ্থ বৰদলৈ

আঘাতে যিসকলৰ সপোন কাঢ়ি নিলে...



আৰম্ভ হ'ল বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত খেলিবলৈ কোন খেলুৱৈৰনো মন নাযায়? ক্লাবৰ হৈ যিমানে ট্ৰফী নিজিকক কিয়, বিশ্বকাপত চুমুক দিবলৈ নাপালে যেন সকলোৰে কেৰিয়াৰ অসম্পূৰ্ণ হৈ ৰয়। কিছুমান বিখ্যাত খেলুৱৈয়ে কেতিয়াও এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ নাপায় কাৰণ তেওঁলোকৰ দেশে কাহানিও এই যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। এইবাৰো চুইডেন, চে'ক্‌ গণৰাজ্য, ৱেল্‌ছ, 'লেণ্ড আদি দেশে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱৰাৰ ফলৰ জালাটান ইব্ৰাহিম'ভিচ, পিটাৰ চে'ক্‌, গেৰেথ বে', ৰবাৰ্ট লেৱাণ্ড'স্কি আদিৰ ক্ৰীড়ানিপুণতা উপভোগ কৰাৰ পৰা ৰাইজ বঞ্চিত হ'ব। আনহাতে খেলিম খেলিম বুলি ভাবি থাকোঁতে আঘাতৰ ফলত কেইবাজনো তাৰকা খেলুৱৈ দলৰ পৰা বাহিৰ হ'বলগীয়া হ'ল। এটা দীঘলীয়া ক্লাব চিজনৰ অন্তত হাজাৰ চেষ্টা কৰিও তেওঁলোক সুস্থ হৈ নুঠিল।

প্ৰতিযোগিতাৰ বহুদিন আগতেই জাৰ্মানীৰ কেইবাজনো তাৰকা খেলুৱৈ আঘাত আৰু ফৰ্মহীনতাৰ সমস্যাৰে জৰ্জৰিত হৈ আছিল। সেই তালিকাত শেহতীয়াকৈ যোগ হ'ল ৱিংগাৰ মাৰ্ক' ৰয়্‌‍ছৰ নাম। বৰুচিয়া ডৰ্ট্‌মুণ্ড ক্লাবৰ হৈ খেলা এই খেলুৱৈজন আছিল জাৰ্মানীৰ অন্যতম আশা। চিজনৰ শেষৰফালে চমকপ্ৰদ প্ৰদৰ্শেনেৰে তেওঁ জাতীয় দলত নিজৰ স্থান নিশ্চিত কৰিছিল। কিন্তু আৰ্মেনিয়াৰ লগত খেলা প্ৰস্তুতি খেলত ভৰিৰ সৰুগাঁঠিত দুখ পাই তেওঁ ঘৰলৈ ঘূৰি যাবলগীয়া হ'ল। বাকীবোৰ খেলুৱৈতকৈ ৰয়্‌‍ছৰ অভাৱ জাৰ্মানীয়ে নিশ্চয় অনুভৱ কৰিব।

কলম্বিয়াৰ ষ্ট্ৰাইকাৰ ৰাডামেল ফাল্‌কাও। প'ৰ্ট' ক্লাবত গ'লৰ জোৱাৰ তোলাৰ পিছত তেওঁ এট্‌লেটিক' মাড্ৰিডৰ হৈ খেলি দুটা বছৰত ৫২ টা লীগ গ'লেৰে শীৰ্ষ ক্লাববোৰৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। যোৱা চিজনৰ মনাক' ক্লাবত তেওঁৰ প্ৰদৰ্শন চকুতলগা নাছিল যদিও বিশ্বকাপত কলম্বিয়াৰ ভাৰ তেওঁ কঢ়িয়াব বুলি ভবা হৈছিল। কিন্তু জানুৱাৰী মাহত পোৱা এণ্টেৰিয়'ৰ ক্ৰুচিয়েট লিগামেণ্টৰ আঘাতে তেওঁক বিশ্বকাপত অংশ ল'বলৈ নিদিলে।

২০১২-২০১৩ চিজনৰ 'ট্ৰেবল্‌' জয় কৰি বেয়াৰ্ণ মিউনিখৰ ৱিংগাৰ ফ্ৰেংক ৰিবেৰী বিপক্ষৰ ৰক্ষণ বিভাগৰ ত্ৰাসৰ কাৰণ হৈ পৰিছিল। তৰিৎ গতিৰে ড্ৰিব্‌লিং কৰি সিটো ৱিংগত খেলা ৰ'বেনৰ সৈতে মিলি তেওঁ যেন গ'ল আৰু এচিষ্টৰ প্ৰতিযোগিতাত নামি পৰিছিল। ৰিবেৰীয়ে ২০১৩ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আৰু ২০১৪ চনৰ তৃতীয় বিশ্বশ্ৰেষ্ঠ খেলুৱৈৰো সন্মান লাভ কৰিছিল। প্লে' অফ্‌ মেচ খেলি বিশ্বকাপলৈ কোনোমতে যোগ্যতা অৰ্জন কৰা তুলনামূলকভাৱে দুৰ্বল ফ্ৰান্স দলৰ তেওঁ আছিল প্ৰধান খেলুৱৈ। জিনেডিন জিডানেই ৰিবেৰীক 'ফ্ৰান্স দলৰ মুকুতা' বুলি অভিহিত কৰিছিল। ভবা কথা নহয় সিদ্ধি। পিঠিৰ আঘাতে একত্ৰিশ বছৰীয়া ৰিবেৰীৰ খেল চোৱাৰ পৰা বিশ্ববাসীক বঞ্চিত কৰিলে।

স্পেইনত কৌশলী মিড্‌ফিল্ডাৰৰ অভাৱ নাই যদিও থিয়াগ'(ত্যাগ') আল্‌কাণ্টাৰা এক বিশেষ প্ৰতিভা। বাৰ্চিলোনা ক্লাবত তেওঁক চেণ্ট্ৰেল মিড্‌ফিল্ডাৰ জাভিৰ উত্তৰসূৰী বুলি গণ্য কৰা হৈছিল। টিকি টাকা শৈলীৰ চুটি চুটি পাছেৰে বিপক্ষক ব্যতিব্যস্ত কৰি ৰাখি হঠাৎ বক্সত সোমাব পৰা কৌশলৰ বাবে তেওঁ জনাজাত হৈ পৰিছিল। বাৰ্চিলোনা দলত খেলিবলৈ বেছি সুযোগ নাপাই তেওঁ ২০১৩ চনত ২৫ মিলিয়ন ইউৰোৰ বিনিময়ত বেয়াৰ্ণ মিউনিখ ক্লাবলৈ আহে। ফ্ৰেংকফুৰ্টৰ বিৰুদ্ধে এখন খেলত তেওঁৰ বল স্পৰ্শৰ সংখ্যা আছিল ১৮৫টা! কেইখনমান খেলত ভাল প্ৰদৰ্শন দাঙি ধৰাৰ পিছত তেওঁ আঠুৰ লিগামেণ্টৰ আঘাতত ভুগি অস্ত্ৰোপচাৰ কৰাবলগীয়া হয়। ফলত বিশ্বকাপ প্ৰতিযোগিতাক বিদায় জনোৱাৰ বাহিৰে আৰু উপায় নাথাকে।

আয়াক্স, ৰিয়েল মাড্ৰিড, 'টেনহাম, হাম্‌বাৰ্গ আদি ক্লাবৰ হৈ খেলা ৰাফেল ভান্‌ ডেৰ ভাৰ্টৰ আছে মুহূৰ্ততে বিপক্ষৰ ৰক্ষণ ছেদেলি-ভেদেলি কৰি দিব পৰা ক্ষমতা। জাতীয় দলৰ হৈ এশখনতকৈ অধিক খেলত ভাগ লোৱা এটেকিং মিড্‌ফিল্ডাৰজনে যোৱা দুটা বিশ্বকাপত প্ৰশিক্ষকৰ বিশেষ আস্থা অৰ্জন কৰিব পৰা নাছিল। এইবাৰ তৃতীয় বিশ্বকাপত অংশগ্ৰহণ কৰাৰ আশা পুহি ৰখা খেলুৱৈজনে প্ৰস্তুতি পৰ্বৰ সময়ত ভৰিত আঘাত পাই মূল দলত স্থান লাভ কৰিব নোৱাৰিলে।

২০০৬ বিশ্বকাপৰ বাবে ইংলেণ্ড দলত অখ্যাত থিয়' ৱাল্‌কটক স্থান দি প্ৰশিক্ষকজনে সকলোকে আচৰিত কৰি তুলিছিল। তেতিয়ালৈকে থিয়'‌ই প্ৰথম শ্ৰেণীৰ লীগতে খেলা নাছিল। এখনো খেল খেলিবলৈ সুযোগ নোপোৱা থিয়'ক পিছত আৰ্চেনাল ক্লাবে চুক্তিবদ্ধ কৰে আৰু তাত তেওঁ ইংলেণ্ডৰ তাৰকা খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। ২০১০ চনৰ বিশ্বকাপতো দুৰ্বল ফৰ্মৰ বাবে তেওঁ দলৰ পৰা বাহিৰ হ'বলগীয়া হৈছিল। কেইটামান সুন্দৰ প্ৰদৰ্শেনেৰে বিগত চিজন আৰম্ভ কৰা ৱাল্‌কটে জানুৱাৰী মাহত এণ্টেৰিয়'ৰ ক্ৰুচিয়েট লিগামেণ্টত আঘাত পায় আৰু সময়মতে সুস্থ হৈ উঠিব নোৱাৰিলে। ভাল ৱিংগাৰৰ অভাৱত ভোগা ইংলেণ্ড দলে বিশ্বৰ অন্যতম বেগী খেলুৱৈ ৱাল্‌কটৰ অভাৱ কিদৰে পূৰণ কৰে সেয়া লক্ষণীয় হ'ব।

এইসকলৰ বাহিৰেও আঘাতে ইটালীৰ মিড্‌ফিল্ডাৰ ৰিকাৰ্ড' মণ্ট'লিভ', স্পেইনৰ গ'লকীপাৰ ভিক্টৰ ভাল্‌ডেছ আৰু ফৰৱাৰ্ড হেছে ৰ'ড্ৰিগুৱেজ, ইংলেণ্ডৰ ৱিংগাৰ আণ্ড্ৰ'ছ টাউন্‌ছেণ্ড, জাৰ্মানীৰ ইকে গুণ্ড'গান আদি খেলুৱৈৰ বিশ্বকাপত খেলাৰ বাসনা নিৰ্বাপিত কৰিলে।