January 11, 2014 | By: গীতাৰ্থ বৰদলৈ

ছিগা চুলিৰ সতে...

নীৰৱ আবেলি কেতবোৰ ছবি
খণ্ড-বিখণ্ড
কলিজাৰ সেন্দুৰ লগা
লুইতৰ উজানত ভাঁহি আহে যায়
তোমাৰ ছিগা চুলিৰ সতে
এসাগৰ চকুলো বোৱাই৷
সুমথিৰা সেউজ হৃদয় লৈ আজিও মই আছোঁ
সপোনৰ ডিঙা বাই,
উজ্জ্বল দিনৰ অশ্লীলতা সহিব নোৱাৰি
নিজৰ মাজতে লুকাই৷
আচলতে মোক এখন পৃথিৱীৰ প্ৰয়োজন
আপোন মনেৰে সজোৱা,
নাইবা এখন ৰজনীগন্ধা আঁচল
সজীৱ তুলিকাৰে বুলোৱা-
পৰিশোধ কৰিম মই কলিজা কাটি
জোনাকৰ চাদৰত চুক্তিপত্ৰ লেখিম,
উটুৱাই দিম ভৰ লুইতত
তোমাৰ ছিগা চুলিৰ সতে...
January 8, 2014 | By: গীতাৰ্থ বৰদলৈ

জাহ্নু বৰুৱাৰ “অজেয়”



(আগকথা: ম‍ই কোনো চলচ্চিত্ৰ সমালোচক নহয়।
এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। ছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।)
মুম্বাই চলচ্চিত্ৰ মহোৎসৱত 'অজেয়' বোলছবিৰ এখন প'ষ্টাৰ (চিত্ৰ উৎস: blog.mumbaifilmfest.org)
অজেয়- অৰ্থ: যাক জিনিব নোৱাৰি। জাহ্নু বৰুৱাই পৰিচালনা কৰা শেহতীয়া বোলছবিখনৰ নাম। তেখেতৰ ছবি বুলিলেই আমাৰ আশা বাঢ়ি যায়। ইখনৰ পিছত সিখন ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জে, কিন্তু অসমৰ ৰাইজক আজিকালি ছবিঘৰলৈ টানিব নোৱাৰে। সেই দিশটো বাদ দি এজন চলচ্চিত্ৰপ্ৰেমী হিচাপে তেখেতে পৰিচালনা কৰা আগৰ বোলছবিবোৰক লৈ ম‌ই বিশেষ আপত্তি কৰা থল নাই। ‘বান্ধোন’ কিছু ব্যতিক্ৰম আছিল। সেইখন চাই ম‌ই লিখিছিলোঁ- “বোলছবিখন হঠাতে শেষ হওঁতে আৰু কিবা বাকী থাকিল যেন অনুভৱ হ'কাহিনীক পূৰ্ণাংগ ৰূপ নিদিয়াকৈ খৰধৰকৈ নিৰ্মাণ কৰা যেন লাগিছিল। কিন্তু তেখেতৰ নতুন ছবি আহিলে ছবিঘৰলৈ নোযোৱাকৈ জানো থাকিব পাৰোঁ? তাতে কাহিনীৰ ভিত্তি অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাদেমি বঁটা বিজয়ী উপন্যাস “আশীৰ্বাদৰ ৰং”।

যোৱা ৪ জানুৱাৰীৰ আবেলি “অজেয়” চাবৰ বাবে ডিব্ৰুগড়ৰ অৰোৰা ছবিঘৰত উপস্থিত হ’লোঁগৈ। বেলকনিৰ টিকেট এটা লৈ বহি চৌপাশে চালোঁ। বিছজনমান মানুহহে কিজানি আছিল। বোলছবিখন চলি থাকোঁতে মাজে মাজে উচ্চস্বৰে পতা কথা-বতৰাৰ পৰা তলতো আঙুলিৰ মূৰত গণিব পৰা কেইজনমান মানুহ আছে বুলি অনুমান কৰিলোঁ। ম‌ই বহোঁতে বোলছবিখন আৰম্ভ হৈছিলেই। ৰিম্পী দাসে শাৰীৰিক সক্ষমতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। পিছৰ দৃশ্যত দেখিলোঁ যে তেওঁ নতুনকৈ হোৱা ডি এছ পি। অলপ পিছতে পূৰ্বতেও ধৰ্ষণৰ অভিযোগ উঠা এজন মানুহক পুনৰ একে কাৰণত থানালৈ অনা হ’ল। তেওঁৰ দেউতাক বিধায়ক, ককাদেউতাক আছিল মুক্তিযুঁজাৰু। হাত দীঘল অভিযুক্তৰ ওপৰত মাৰপিট চলিল। তাৰ পিছতে পৰিচালকে আমাক লৈ গ’ল ১৯৪৬-৪৭ চনলৈ। হয়তো আৰম্ভণিৰ দুটামান দৃশ্য ম‌ই চাবলৈ নাপালোঁ।

গজেনহঁতৰ গাঁওখন বৰ্তমানৰ ভাৰত-বাংলাদেশ সীমান্তৰ ওচৰত। ভাৰতে স্বাধীনতা পাওঁ পাওঁ হৈছে। গাঁৱৰ ৰাইজে চোতালত বা নামঘৰত বহি বেলেগৰ মুখৰ পৰা আন্দোলনৰ বা-বাতৰি লয়। গাঁওখনৰ ওচৰৰ চাপৰিত মুছলমান মানুহ কেইঘৰমান আহি বহিছে। তাকে লৈ বিহাৰী মূলৰ মৌজাদাৰ আৰু তেওঁৰ সাংগো-পাংগোসকলৰ আপত্তি। পাকিস্তান সৃষ্টি হ’বৰ হৈছে, মুছলমানবোৰ সেই গাঁৱত কিয় থাকিব? পাকিস্তানলৈ যাব লাগিব। মাটিবোৰ সিহঁতে হাত কৰিব। গজেন কেওঁট (ৰূপম চেতিয়া), গাঁৱৰ শিক্ষকজন (সৌৰভ হাজৰিকা) আদি মানুহ মুছলমানসকলৰ প্ৰতি নৰম। মুছলমানসকলেও কয়- এইখনেই তেওঁলোকৰ দেশ, এই ঠাই এৰি ক’লৈ যাব? গাঁৱত জাত-পাতৰ বেহাও কম নহয়। পূজাৰীয়ে (লক্ষী বৰঠাকুৰ) নিম্ন জাতৰ গজেনক ঠিকেই কামত খটুৱায়, কিন্তু মন্দিৰৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে। নিজৰ জীয়েককো শান্তি নৌহওঁতেই বিয়া দিলে। বৈদ্যও মুছলিমৰ ঘৰলৈ যাবৰ বাবে ৰাজী নহয়, লাগিলে ৰোগীৰ যিমান শাস্তি নহওক। সমাজৰ এই কেৰোণবোৰৰ প্ৰতি গজেনৰ খং, খং মৌজাদাৰহঁতৰ প্ৰতি। সি ভাবে যে স্বাধীনতা পোৱাৰ লগে লগে এই সকলোবোৰ ঠিক হৈ যাব। কিন্তু সঁচাকৈয়ে হ’বনে?

ধৰ্ম, জাতিৰ বান্ধোনক গজেনে কেৰেপ নকৰে। পঢ়া আধা কৰি বিদ্যালয়লৈ যোৱা বাদ দিলে যদিও ছাৰৰ সন্মুখত এতিয়াও চুৰট হুঁপিবলৈ সাহস নাই। বাংলাভাষী মুছলিম ছোৱালী হাচিনাক (জুপিতৰা ভূঞা)ক সি পঢ়িবলৈ-লিখিবলৈ শিকায়। কেইবছৰমান আগতে সি আন্দোলনত কৰা সৰু ভুল এটাৰ বাবে এহাল ডেকা-গাভৰুৱে প্ৰাণ দিব লগা হোৱা কথাই তাক আমনি দিয়ে। ভাৰতে স্বাধীনতা পালে। শান্তিৰ সলনি আহিল অশান্তিৰ ঢল। দেশজুৰি জ্বলি উঠা জুইয়ে গজেনহঁতৰ গাঁওখনকো চুই গ’ল। গাঁৱৰ আন মানুহৰ ঔদাসীন্যক আওকাণ কৰি, সহজ-সৰল আইতাকৰ হাক-বচন নুশুনি সি অকলেই মৌজাদাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলায়। কিন্তু হাচিনাহঁতক সি ন্যায় দিয়াব পাৰিবনে? পাৰিবনে সি ওঠৰ বছৰ বয়সতে বিধবা হোৱা জবাৰ মুখত হাঁহি ফুটাবলৈ? মৌজাদাৰহঁতে কৃতকৰ্মৰ শাস্তি পাবনে?

এইদৰেই দুঘণ্টা সময় স্বাধীনতাৰ সময়ছোৱাৰ এখন দলিল জাহ্নু বৰুৱাই আমাৰ আগত ডাঙি ধৰিলে। কাহিনী সম্পৰ্কে আমাৰ বিশেষ একো ক’বলগীয়া নাই। ‘আশীৰ্বাদৰ ৰং’ উপন্যাসখন নপঢ়া-নুশুনা মানুহ হয়তো বেছি নাই। মূল কাহিনীটোৰ পৰা জাহ্নু বৰুৱাই কিছু সালসলনি কৰিলেসুন্দৰ কাহিনীটোৰ গতিক তেখেতৰ ‘২০০০ চন’ৰ সংযোজনে অলপ উজুটি খুওৱা যেন অনুভৱ হ’ল। শেষৰ দৃশ্যকেইটা নাথাকিলেও মোৰ বাবে বোলছবিখন ভাল লগাই হৈ থাকিলহেঁতেন। অৱশ্যে দুখজনক সমাপ্তি এটা দেখুৱাতকৈ আশাব্যঞ্জক সমাপ্তি দেখুৱাবলৈ যোৱা বুলি পৰিচালকেও যুক্তি দিব পাৰে। পৰিচালক হিচাপে তেখেতে সকলো কলা-কুশলীৰ পৰা সুন্দৰ কাম আদায় কৰিছে বুলি ক’ব পাৰি।

অভিনয়ৰ ক্ষেত্ৰত গজেনক প্ৰশংসা নকৰি নোৱাৰি। গজেনৰ চৰিত্ৰত অভিনয় কৰা ৰূপম চেতিয়াক ম‌ই আগতে ক’তো দেখা নাই। কিন্তু তেওঁ গজেনক জীৱন্ত ৰূপত উপন্যাসৰ পাতৰ পৰা আমাৰ মাজলৈ তুলি আনিলে। গজেনৰ খং, হতাশা, উদাৰতাক চেতিয়াই সুন্দৰকৈ ফুটাই তুলিবলৈ সমৰ্থ হৈছে। বয়সীয়াল গজেনৰ ভূমিকাত বিষ্ণু খাৰঘৰীয়াৰ বিশেষ কৰিবলগীয়া নাছিল। বোলছবিখনৰ আন এটা শক্তিশালী দিশ হৈছে বংগমূলীয় মুছলিম ছোৱালীৰ ভূমিকাত জুপিতৰা ভূঞা। এটা বেলেগ ধৰণৰ চৰিত্ৰত জুপিতৰাই নিজৰ অভিনয় প্ৰতিভাৰ উমান দিছে। তেওঁলোকৰ মুখৰ ভাষাৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাই যদিও সেয়া শুনি যথাযথ যেনেই লাগিল। মাষ্টৰৰ চৰিত্ৰত কেইবছৰমানৰ আগৰ নায়ক সৌৰভ হাজৰিকাক দেখি ভাল লাগিল। মুনমী কলিতাই ইতিমধ্যেই পূৰ্বৰ দুখনমান ছবিত দৰ্শকৰ মন জয় কৰিছে আৰু ইয়াতো জবাৰ ৰূপত তেওঁক সকলোৱে আদৰি ল’ব বুলি ক’ব পাৰি। মদনৰূপী কপিল, মৌজাদাৰ আৰু তেওঁৰ লগৰীয়াসকল, পূজাৰী লক্ষী বৰঠাকুৰ আদিয়েও চেষ্টাৰ ত্ৰুটি কৰা নাই। গজেনৰ সহজ-সৰল আইতাকে ছবিখনৰ শেষৰফালে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰতি উদাসীন আইতাকে গজেনক স্নেহেৰে আৱৰি ৰাখিবলৈ চেষ্টা কৰা দৃশ্যবোৰে মোৰ মন চুই গ’ল।

সম্পাদনা আৰু কেমেৰাৰ কাম যথাযথ। চিনেমাট’গ্ৰাফীত একো চমক নাই যদিও গাঁৱৰ দৃশ্যবোৰ সুন্দৰকৈ দেখুওৱাত কাৰ্পণ্য কৰা হোৱা নাই। কলা-নিৰ্দেশনাৰ ক্ষেত্ৰত দুটামান ঠাইত মোৰ খোকোজা লাগিল- মৌদাজাৰৰ তলতীয়াজনে ৰয়েল এন্‌ফিল্ড চলোৱা আৰু ৰাতি টি-চাৰ্ট পিন্ধা দৃশ্যত। ধ্ৰুৱজ্যোতি ফুকনৰ সংগীতেও বোলছবিখনৰ ৰসাস্বাদন কৰাত সহায় কৰিছে বুলি ক’ব পাৰি।

যুৱ-প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বোলছবিখনত একো নাই। জাহ্নু বৰুৱাই নিজৰ ট্ৰেক সলাবলৈ বিচৰা নাই আৰু ফলত এইখনো পুৰষ্কাৰমুখী ছবিয়েই হৈ পৰিছে। তাৰ লগতে আছে আকৌ দুৰ্বল প্ৰচাৰ। নগৰত দহখনমান প’ষ্টাৰ লগালেই মানুহে বোলছবি চোৱা হ’লে প্ৰতিখন চিনেমাই হিট্‌ হ’লহেঁতেন। অসমীয়া টিভি চেনেল, ছচিয়েল নে’টৱৰ্কিঙৰ সুবিধাকণো প্ৰযোজক-পৰিচালকে ল’বলৈ হেলা কৰিছে। বেছিভাগ মানুহে গমেই নাপায় জাহ্নু বৰুৱাৰ বোলছবি এখন আহিছে বুলি। লাখ লাখ টকা খৰছ কৰি বোলছবি এখন নিৰ্মাণ কৰাৰ পিছত এইকণ কৃপণালি কিয় কৰে বুজি নাপাওঁ। ‘অজেয়’ৰ ট্ৰেইলাৰটো চায়ো মানুহে ছবিখন সম্পৰ্কে একো ধাৰণা কৰিব নোৱাৰে। অসমৰ বোলছবি নিৰ্মাতাসকলে বুজি পাবৰ হ’ল যে কেইটামান অসংলগ্ন দৃশ্য তুলি আনি জোৰা লগালেই ট্ৰেইলাৰ নোবোলে। হিন্দী, ইংৰাজী বোলছবিবোৰত পেছাদাৰী ব্যক্তিবোৰে সুন্দৰকৈ কৰা ট্ৰেইলাৰবোৰ চায়েই বহু মানুহ ছবিঘৰলৈ যায়, লাগিলে মূল চলচ্চিত্ৰখন যিমানেই বেয়া নহওক। এইবোৰ কথালৈ মন নিদি ‘অসমীয়া মানুহে অসমীয়া বোলছবি নাচায়’ বুলি বিলাপ কৰিলে টকাকেইটা ঘূৰাই পোৱাৰ আশা নাই।

বাৰু যি কি নহওক, বোলছবিখন চাই ম‌ই সন্তুষ্ট হ’লোঁ। ম‌ই ভাবোঁ যিসকলে চোৱা নাই তেওঁলোকো ছবিঘৰলৈ গ’লে হতাশ নহ’ব। আমি ছবিখন চাই কেৱল এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবহে পাৰোঁ। ‘চলচ্চিত্ৰ মহোৎসৱ’ৰ গণ্ডীটোৰ পৰা ওলাই আহি দৰ্শকক ছবিঘৰলৈ টনাৰ দায়িত্ব প্ৰযোজক-পৰিচালকৰ। অন্যথা বেয়া অসমীয়া চিনেমা এখন চাবলৈ গৈ যিমান বেয়া লাগে, ভাল চিনেমা এখনত দৰ্শকৰ সেৰেঙা উপস্থিতি দেখিলে সিমানেই বেয়া লাগে।