February 4, 2014 | By: গীতাৰ্থ বৰদলৈ

পূজাৰ অকবিতা


এয়া কিহৰ পূজা?
শিপাক পাহৰি পৰুৱা মানুহ
দেৱতা হ’ব খোজা!

কেইখিলা বেলপাতেৰে সন্তুষ্ট কৰিম
আধুনিকতাৰ চিকুণ শিলক,
কেইপাহি ফুল দিম গণি গণি
শুভ্ৰ হংসৰ মৃত শৰীৰক?

আজি ৰমক-জমকত সকলো ব্যস্ত
মাটি ফুটি ভগৱান ওলালে
কি বন্দনা লিখিম,
নে মন্ত্ৰণাৰ মন্ত্ৰৰ গদ্‌ গদ্‌ স্বৰক
ইংৰাজী কথাৰে লেপিম?

মন্দিৰত সৌন্দৰ্যৰ শোভাযাত্ৰা
মূৰ্খৰ বাকছত ৰংচঙীয়া খেল,
মেনিকিউৰৰ অট্টহাস্যত
ক্লিন শ্বেভেন মুখৰ ভাঁজত
কামদেৱেও আজি পাইছে মজা!

এদিন প্ৰতিমাই প্ৰাণ পাব
পুনৰ মানৱপূজা হ’ব,
দেশে দেশে ফুলিব হাঁহি
কলপটুৱাইও গীত গাব।

সেইদিনা আমি নতুন সাজ পিন্ধিম
জোনাকীৰ আলোকত বন্দিত হ’ম,
আৰু চিঞৰি চিঞৰি ক’ম-
মানুহেই দেৱ, মানুহেই সেৱ..
গেৰুৱা বাবাৰ জাকেও কিজানি
সেইদিনা অলপ লাজ পাব!





February 2, 2014 | By: গীতাৰ্থ বৰদলৈ

ৱিকিমিডিয়া প্ৰকল্পত ছবি আপল'ডৰ বিষয়ে কিছু কথা



বন্ধনীত ভিতৰত ৱিকিমিডিয়া কমন্সৰ ল'গ' (চিত্ৰ উৎস: কমন্সৰ ৱেবছাইট)

ৱিকিপিডিয়া বা অন্য ৱিকিমিডিয়া প্ৰকল্পত ছবি বা আন মিডিয়া ফাইল আপল'ড কৰোঁতে কপিৰাইটৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহো ইয়াৰ ব্যতিক্ৰম হ'ব নালাগে যদিও বহু সময়ত আমি কিছুমান কথা ঢিলাই দিওঁ বা ভাবি-চিন্তি নোচোৱাকৈ ছবি এখন আপল'ড কৰি দিওঁ। ইয়াৰ ফলত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধত ব্যৱহাৰ হোৱা কেইবাখনো ছবি শেহতীয়াকৈ ৱিকিকমন্সৰ পৰা তাৰ পুনৰীক্ষকসকলে মচি পেলাইছে।

ৱিকিমিডিয়া কমন্স (Wikimedia Commons)
ৱিকিমিডিয়া কমন্স (https://commons.wikimedia.org/) মুক্ত মিডিয়া ফাইল (ছবি, শ্ৰাব্য ফাইল, দৃশ্যশ্ৰাব্য ফাইল আদি)ৰ এটা ভঁৰাল। মুক্ত মিডিয়া ফাইল বুলিলে নিজৰ লগত কপিৰাইট থকা বা কপিৰাইটবিহীন ফাইলক বুজায়। অসমীয়া বা ইংৰাজী ৱিকিপিডিয়াৰ একাউণ্ট ৱিকিকমন্সতো প্ৰযোজ্য হ'ব। ইয়াত ছবি বা আন মিডিয়া ফাইল আপল'ড কৰিলে সকলো ভাষাৰ ৱিকিমিডিয়া প্ৰকল্পতে (যেনে- ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিগ্ৰন্থ আদি) সেইটো ব্যৱহাৰ কৰিব পাৰি। গতিকে ৱিকিকমন্সত আপুনি তোলা ছবি থাকিলে সেয়া পৃথিৱীৰ বহু ঠাইৰ মানুহে চাব (গুগলত Lachit Barphukan বুলি সন্ধান কৰিলে মই তোলা ছবি দুখনমানো ওলায়, বিক্ৰমজিৎ কাকতিয়ে তোলা ছবি বহু দেশৰ ৱিকিপিডিয়াত ব্যৱহাৰ হয়)। ইয়াৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াত স্থানীয়ভাৱে আপল'ড কৰা ফাইল কেৱল ইয়াৰ প্ৰবন্ধতহে ব্যৱহাৰ কৰিব পাৰি আৰু প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াত লিখিলে তাত ফাইলটো পুনৰ আপল'ড কৰিব লাগিব। কিন্তু ৱিকিমিডিয়া কমন্সত ফাইল আপল'ড কৰাৰ কিছুমান নীতি-নিয়ম আছে। এইবোৰ মানি নচলিলে পুনৰীক্ষকে ফাইলটোত জাননী লগাই দিয়ে আৰু সুদুত্তৰ নাপালে এসপ্তাহৰ পিছত ফাইলটো ডিলিট কৰি দিয়ে। আমি বেছিকৈ ছবিয়েই আপল'ড কৰোঁ বাবে মিডিয়া ফাইলৰ ঠাইত কেৱল 'ছবি' বুলিয়েই ক'ম।

ৱিকিকমন্সত কেনেকুৱা ছবি আপল'ড কৰিব?
  • নিজে তোলা ছবি। ৰিজ'লিউচনৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই। 
  • কপিৰাইট নথকা আন ছবি, ডিজাইন আদিৰ নিজে তোলা ছবি বা স্কেন।
  • কপিৰাইট নথকা বস্তুৰ আনে তোলা ছবি বা স্কেন।
  • কপিৰাইটৰ অধিকাৰীজনে আপোনাক আপল'ড কৰিবলৈ অনুমতি দিয়া ছবি (অনুমতি দিয়া ৱেবছাইটৰ লিংক দিব লাগিব। অথবা অনুমতি পত্ৰখন permissions-en@wikimedia.org ঠিকনালৈ পঠিয়াব লাগিব আৰু উত্তৰত পোৱা নম্বৰটো ছবিখন আপল'ডৰ সময়ত ব্যৱহাৰ কৰিব লাগিব)।
  • কোনো ৱেবছাইটে মুক্তভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া ছবি (যেনে- bollywoodhungama.com-ৰ কিছুমান ছবি)। অনুমতিৰ লিংকটো দিব লাগিব বা কপিৰাইটৰ কথাটো স্পষ্টকৈ লিখিব লাগিব।
  • Flickr বা আন ৱেবছাইটত থকা CCA-SA-3 জাতীয় অনুজ্ঞাপত্ৰ সম্বলিত ছবি (https://search.creativecommons.org/)
  • কপিৰাইটৰ ম্যাদ উকলি যোৱা ছবি। ভাৰতৰ ক্ষেত্ৰত প্ৰকাশৰ পিছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ'লে ছবিৰ কপিৰাইট লোপ হয় (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত ১৯২৩ চনৰ আগতে প্ৰকাশ পোৱা ছবি)।
  • ৰাজহুৱা ড'মেইনত থকা ছবি (আমেৰিকা যুক্তৰাষ্ট্ৰ ফেডাৰেল চৰকাৰৰ সংস্থা যেনে NASA-ই মুকলি কৰা ছবি আদি), বা এনে এখন দেশৰ চৰকাৰী সামগ্ৰী যেনে পতাকা, ৰাজ্যৰ চিহ্ন, বেঙ্ক নোট বা ডাকটিকট য'ত স্থানীয় আইন অনুসৰি এইবোৰ বস্তুৰ কপিৰাইট নাই।
  • কপিৰাইটৰ যোগ্য নোহোৱা অতি সৰল ৰেখাচিত্ৰ, জ্যামিতিক ডিজাইন আদি।

এইবোৰ আপল'ড কৰোঁতে সঠিক অনুজ্ঞাপত্ৰ বাছনি কৰাটো প্ৰয়োজনীয়। নিজে তোলা ছবি হ'লে ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন শ্বেয়াৰ এলাইক-৩ (CCA-SA-3) বাছনি কৰিব পাৰে। আনবোৰৰ ক্ষেত্ৰত এইটো বা জি এন য়ু ফ্ৰী ড'কুমেণ্টেছন লাইচেঞ্চ হ'ব পাৰে।

CCA-SA-3 ৰ অধীনত ছবিখন আপল'ড কৰিলে অ‌ইনে সেইখন আন ঠাইতো মূল উৎসৰ উল্লেখ কৰি একে অনুজ্ঞাপত্ৰৰ অধীনত ব্যৱহাৰ কৰিব পাৰে আৰু সেইখনৰ সালসলনিও কৰিব পাৰে। যদি আপুনি আপোনাৰ ছবিখনৰ মুক্ত ব্যৱহাৰ নিবিচাৰে তেন্তে কমন্সত ছবিখন আপল'নকৰিব

কমন্সত আপল'ড কৰাৰ পিছত বিৱৰণৰ বাকছটোত ছবিখনৰ চমু বিৱৰণ দিব। অসমীয়াৰ লগতে ইংৰাজীতো বিৱৰণ দিলে আন ঠাইৰ মানুহৰ সুবিধা হ'ব।

ছবিখনত ৱাটাৰমাৰ্ক থাকিব নালাগে।

উপৰোক্ত চৰ্তসমূহ পূৰণ কৰা ছবিবোৰ স্থানীয়ভাৱে অসমীয়া ৱিকিপিডিয়াত আপল'ড নকৰাই ভাল। আনৰ ছবি নিজে তোলা বুলি বাৰে বাৰে আপল'ড কৰি থাকিলে সদস্যজনক ব্লক কৰি দিয়া হয়।

(সহায়ক লিংক:
ঠাই অনুসৰি কপিৰাইট নীতি https://commons.wikimedia.org/wiki/Commons:Copyright_rules_by_territory#India
বিষয় অনুসৰি কপিৰাইট আৰু আপল'ড নীতি https://commons.wikimedia.org/wiki/Commons:Image_casebook)

অসমীয়া ৱিকিপিডিয়াত কেনেকুৱা ছবি আপল'ড কৰিব?

ওপৰৰ চৰ্তসমূহ পূৰণ নকৰা ছবিবোৰৰ কপিৰাইট আপোনাৰ ওচৰত নাই আৰু সেইবোৰত বেছিকৈ হাত নিদিয়াই মঙ্গল। কিছুমান ছবি 'ভাল ব্যৱহাৰ' (Fair use)-ৰ যুক্তি দি 'অ-মুক্ত ব্যৱহাৰ নীতি'ৰ আধাৰত অসমীয়া ৱিকিপিডিয়াতে আপল'ড কৰিব পাৰি (https://as.wikipedia.org/wiki/wikipedia:Upload)কিন্তু ইয়াৰো কিছুমান নিয়ম আছে। কেইটামান নিৰ্দিষ্ট বিষয়ৰহে ছবি এনেদৰে আপল'ড কৰিব পাৰি।
  • পেইণ্টিং, ৰেখাচিত্ৰ বা কোনো ঐতিহাসিক চিত্ৰ।
  • ত্ৰিমাত্ৰিক বস্তু, যেনে ভাস্কৰ্য বা ঘৰৰ ছবি।
  • টিভি, বোলছবি, গে', ভিডিঅ', ছফ্টৱেৰ বা ৱেবছাইটৰ স্ক্ৰীণশ্বট।
  • কিতাপ, চিডি, গে', আলোচনী আদিৰ বেটুপাত, বোলছবিৰ প'ষ্টাৰ।
  • কোনো প্ৰতিষ্ঠানৰ ল'', চৰকাৰী বা আনুষ্ঠানিক চিহ্ন আদি।
  • মৃত ব্যক্তিৰ ছবি।
এনে ছবিবোৰ আপল'ড কৰাৰ কিছুমান চৰ্ত আছে।
  • ছবিখনৰ কোনো কপিৰাইট মুক্ত বিকল্প থাকিব নালাগিব। যদি কপিৰাইট নথকা ছবি পোৱা হৈছে তেন্তে স্থানীয়ভাৱে আপল'ড কৰাৰ যুক্তি নাই।
  • ছবিখন কোনো প্ৰবন্ধত ব্যৱহাৰ হ'ব‌ই লাগিব। এটা প্ৰবন্ধত এখনতকৈ বেছি এনে ছবি দিব নালাগে।
  • ছবিখন পঢ়ুৱৈৰ বাবে সহায়ক হ'ব লাগিব (চিনাক্তকৰণ বা আন কাৰণ)। ছবিখন নাথাকিলেও যদি প্ৰবন্ধটো বুজাত অসুবিধা নহয় তেন্তে সেইখন আপল'ড কৰিব নালাগে।
  • বিষয়টোৰ দৃশ্যগত চিনাক্তকৰণৰ বাবে যিমান অংশ প্ৰয়োজন সিমানহে ক্ৰ'প কৰি ল'ব লাগে।
  • ৰিজ'লিউচন যিমান পাৰি কমাই দিব লাগে।
  • আপুনি আপল'ড কৰা ছবিখনে কপিৰাইট অধিকাৰীজনৰ ব্যৱসায়িক স্বাৰ্থত হানি কৰিব নোৱাৰিব।
  • ছবিখনৰ সৃষ্টিকৰ্তা, প্ৰকাশৰ স্থান, উত্স (ৱেবছাইট, বাতৰি কাকত, কিতাপ আদি) স্পষ্টভাৱে উল্লেখ কৰিব লাগিব।
ৰয়টাৰ্জ, গেট্টী ইমেজ আদি সংস্থাৰ হাতত থকা ছবি আপল'ড কৰিব নালাগে।

ছবিখন আপল'ড কৰোঁতে নিৰ্দিষ্ট ঘৰবোৰত তথ্যখিনি শুদ্ধকৈ লিখাটো উচিত। Fair use নীতিটো আমেৰিকা যুক্তৰাষ্ট্ৰত আইনগতভাৱে প্ৰচলিত (ৱিকিপিডিয়াৰ চাৰ্ভাৰ তাতে অৱস্থিত বাবে ওপৰৰ চৰ্তবোৰ পূৰণ কৰা ছবিক লৈ আপত্তি উঠিব নালাগে)। কিন্তু কোনোবাই ভাৰতীয় কপিৰাইট আইনৰ আধাৰত আপত্তি কৰিলে ছবিখন গুচাই দিয়াৰ বাহিৰে বোধহয় গত্যন্তৰ নাই।

(সহায়ক লিংক: https://en.wikipedia.org/wiki/Wikipedia:Fair_use)

ফাইলৰ নাম দিয়া নিয়ম
  • ৱিকিকমন্স বা স্থানীয় ৱিকিপিডিয়াত ছবি আপল'ড কৰোঁতে ফাইলৰ নামটো বৰ্ণনামূলক হ'ব লাগে, যেনে- কোনো অনুষ্ঠানৰ সোণালী জয়ন্তীৰ ছবি হ'লে ফাইলৰ নামটো কেৱল 'অমুক অনুষ্ঠান' বুলি দিয়াতকৈ 'অমুকৰ সোণালী জয়ন্তীৰ সমাৰোহৰ পতাকা উত্তোলন' এনেকৈ দিব লাগে। (শেহতীয়াকৈ সৃষ্টি কৰা "ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়" প্ৰবন্ধটোত ফাইলবোৰৰ নাম School 1, 2 এনেকৈ আছে। তাৰ ঠাইত "ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা" এনেকৈ দিলে ভাল।) বিৱৰণৰ দৰেই ফাইল নামটো ইংৰাজীত থাকিলে আন ঠাইৰ মানুহে সুবিধা পাব পাৰে।
  • ডিজিটেল কেমেৰা বা ম'বাইল ফোনেৰে ছবি তুলিলে স্বয়ক্ৰিয়ভাৱে সৃষ্ট DSC00001.JPG, Image01.png এনেকুৱা নামবোৰ সমৰ্থন কৰা নহয়।