December 21, 2015 | By: গীতাৰ্থ বৰদলৈ

২০১৬ বৰ্ষৰ অসমীয়া গান




আমি গান শুনি কিয় ভাল পাওঁ? তাৰ কোনো সুদুত্তৰ নাই। বিজ্ঞানীসকলে মানুহৰ মস্তিষ্কত এটা নিৰ্দিষ্ট "সংগীত কেন্দ্ৰ" বিচাৰি উলিয়াব পৰা নাই। সংগীত আৰু মগজুক লৈ চলা পৰীক্ষা-নিৰীক্ষাত পছন্দৰ গান শুনিলে বিভিন্ন অংশত ড’পামিন নিঃসৰণ, তেজৰ প্ৰবাহ বঢ়া-কমা, কিছু অংশ বেছিকৈ সক্ৰিয় হৈ পৰা আদি তথ্য পোৱা গৈছে। বিজ্ঞানৰ কথা বাদ দিওঁ। কিছুমান গান এবাৰ শুনিলে আৰু শুনিবলৈ মন যায়, মনত থাকি যায় আৰু কিছুমান গানৰ দুশাৰীয়েই আওকাণ কৰিবলৈ যথেষ্ট। এই বছৰ আমি ‘বিলাহী বিলাহী’কে ধৰি কেইটামান “তাঁৰ ছিঙি যোৱা” গান শুনিবলৈ পাই অসমীয়া সংগীত জগতক লৈ সন্দিহান হৈ উঠিছিলোঁ। গীতৰ মন্দা বজাৰৰ কথাটো আছেই। তথাপিও ন-পুৰণি শিল্পীয়ে ন ন সৃষ্টি কৰি আছে আৰু তাৰে কেইটামান গানে ইউটিউবত “ৰিপ্লে” টিপিবলৈ আমাক বাধ্য কৰে। তাতকৈ বছি ভাল লাগিলে ডাউনল’ড! যোৱা মে’ মাহত ইউটিউবত উপলব্ধ ভাল লগা কেইটামান অসমীয়া গানৰ তালিকা এখন কৰিছিলোঁ। বছৰটো শেষ হোৱাৰ আগতেই আৰু এখননো নকৰোঁ কিয়!
 
১) “এনেকৈয়ে লাহে লাহে”
ৰূপম ভূঞাৰ গানটো সোমাওঁ-নোসোমাওঁকৈ তালিকাত সোমাল। যোৱা মাহত ইউটিউবত আপল’ড কৰা ক’লা-বগা ভিডিঅ’টোত ৰূপম ভূঞাই নিজে সুন্দৰ অভিনয় কৰিছে। গায়কীৰ কথা নকলোঁৱেইবা। মোৰ বৰ পচন্দ নোহোৱা গীতৰ কথাক আবেগ ঢলা কণ্ঠই জীপাল কৰি তুলিছে।

২) “দুনিয়া মায়াৰে নৈ”
কেইমাহমান আগতেই ইউটিউবত উপলব্ধ হৈছিল যদিও মোৰ শুনাত অলপ পলম হ’ল! গীতৰ কথা ৰেকিবুলৰ আৰু কণ্ঠ আমাৰ পৰিচিত বাবুৰ। অৰ্থবহ গীতটোৰ দৃশ্যায়নো সুন্দৰ। কেৱল প্ৰথম অংশতে “…ডাক্তৰনী হয়”, “…ডাক্তৰনী বনাব” আদি শব্দত উজুটি খালোঁ। তাৰ পাছত “দুনিয়া মায়াৰে নৈ, সাঁতুৰি সাঁতুৰি গৈ, ভাগৰি তুমি বান্ধৈ, থমকি নৰ’বা ঐ”-ত অৱগাহন কৰক।

৩) “ডাৱৰ হৈ”
বহু বছৰ আগতেই “যায় বাঁহীৰ সুৰে” শুনি সংগীতা কাকতিৰ সুন্দৰ কণ্ঠৰ সৈতে পৰিচিত হৈছিলোঁ। জিতুল যুগৰ পাছত পাছলৈ তেখেতৰ গান শুনা কমি আহিছিল। শেহতীয়াকৈ “ডাৱৰ হৈ আৱৰিছোঁ” গানটোৰে পুনৰ মোক তেখেতৰ অনুৰাগী কৰি তুলিলে। কাৱালীৰ ঠাঁচৰ গীতটোৰ ভিডিঅ’টোও সুন্দৰ। 

৪) “ডাৱৰ গলে”
পৰৱৰ্তী ডাৱৰ মোৰ বাবে অলপ আচৰিত হ’বলগীয়া। ভাগ্য কোঁৱৰক মই “অলস আবেলি”ৰ গীতিকাৰ বুলিহে জানিছিলোঁ। ফেইচবুকৰ চিনাকী মুখ ব্ৰহ্মানন্দ পাটিৰিৰ শব্দৰ বাণে এইবাৰ তেখেতক গায়ক কৰি তুলিলে। গায়ক হিচাপে তেখেতৰ সীমাবদ্ধতা আছে যদিও গীতৰ ছন্দ আৰু ৰাজজ্যোতি কোঁৱৰৰ সংগীত সংযোজন আকৰ্ষণীয়। গীতৰ লগতে অৱশ্যে ভিডিঅ’ কাহিনীতোৰ সংগতি নাই যেন লাগিল।

৫) “পাহাৰে পাহাৰে”
সংগীতৰ ক্ষেত্ৰত অক্লান্তিকা মোৰ বাবে অচিনাকী নাম। কিন্তু অসমীয়া চেনেল এটাত গানটো শুনি ইউটিউবত বিচাৰি আকৌ শুনিবলৈ বাধ্য হ’লোঁ। কথা-সুৰ-সংগীত তেখেতৰে। জনজাতীয় সুৰৰ চাপ থকা গীতটোৰ নূন্যতম আয়োজনৰ ভিডিঅ’টোও চাই ভাল পালোঁ। তেখেতৰ পাছৰ গীতটোলৈ বাট চালোঁ।

৬) “এই পুৱতি”
আকৌ এগৰাকী অচিনাকী গায়িকা- মণিকংকনা বৰুৱা (অসমীয়া সংগীতৰ লগত জড়িত ব্যক্তিৰ বিষয়ে মোৰ জ্ঞান পিছে তেনেই সীমাবদ্ধ)। গীতিকাৰজন পাছে চিনাকী ইবছন লাল বৰুৱা। সুৰ আৰু সংগীতো তেখেতৰেই। ইলেক্ট্ৰনিকা শৈলীৰ সংগীত বেয়া পোৱা বুলি নকওঁ, কিন্তু অলপ “মিহি” সংগীত সংযোজনাও বেয়া নালাগিব চাগে।

৭) “লাহি হালি জালি”
লোকসংগীত আৰু আধুনিক সংগীতৰ মিশ্ৰণেৰে ৰাজশ্ৰী শইকীয়া কণ্ঠৰ এটি সুন্দৰ গীত। চাহ বাগিছাৰ পৰিবেশত দৃশ্যায়ন কৰা ভিডিঅ’টোও সুন্দৰ। এতিয়ালৈকে কেইবাবাৰো গানটো শুনিলোঁ। গায়িকাগৰাকীৰ পৰৱৰ্তী নিবেদনলৈ বাট চাম।

৮) “মুক্তি”
কল্পনা পাটোৱাৰী আৰু পাপন! কল্পনা পাটোৱাৰীৰ ‘মণিকূট’ নামৰ শ্ৰাব্য সঁফুৰাৰ এই গীতটো প্ৰথমে হোৱাটছএপ্ আৰু তাৰ পাছত ইউটিউবত শুনাৰ সৌভাগ্য হ’ল। শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি নামঘোষাৰ প্ৰথমটো ঘোষা “মুক্তিত নিস্পৃহ যিটো” গায়ক দুগৰাকীৰ কণ্ঠত নতুন ৰূপত প্ৰাণ পাই উঠিছে। ক্ল’জ আপ, স্ল’ মোছন আদিৰ বুদ্ধিদীপ্ত প্ৰয়োগেৰে মাজুলীত দৃশ্যায়ন কৰা ভিডিঅ’টো চাবলগীয়া।

৯) “ৰঙাচিলা”
তালিকাখনৰ একেবাৰে শেহতীয়া ভিডিঅ’ এইটো গীতৰে। মোৰ অন্যতম প্ৰিয় শিল্পী মনজ্যোৎস্না মহন্তৰ কণ্ঠ আৰু কাজলৰ কথাৰ গীতটোৱে প্ৰথমবাৰতে আকৃষ্ট কৰিলে। এইটোৰ আন্‌প্লাগ্‌ড ভাৰ্ছন এটা অলপ দিন আগতে ইউটিউবত চাইছিলোঁ। কিন্তু এইবাৰ জনজাতীয় সংগীতৰ সংযোজনৰ গীতটো ডাউনল’ড কৰাত পলম নকৰিলোঁ। হাই এংগল, ল’ এংগল শ্বট আদিৰে ভিডিঅ’টোত কেমেৰাৰ কাম অপূৰ্ব।

১০) “এছাটি বতাহে”
শ্ৰাৱণী বৰুৱাৰ গানো আগতে শুনা নাই। কিন্তু তালিকাখনত এইটো গানেই আটাইতকৈ বেছিবাৰ শুনিছোঁ। গীতটোৱে নব্বৈৰ দশকৰ বলিউডী সংগীতলৈ কিয় মনত পেলালে ক’ব নোৱাৰোঁ। অনুপ জ্যোতি চৌধুৰীৰ কথা আৰু জয়ন্ত দাসৰ সংগীতত গায়িকাই সুৰৰ মায়াজালৰ সৃষ্টি কৰিলে। ভিডিঅ’টোও সুন্দৰ- মেঘৰঞ্জনী আৰু তেখেতৰ কথক নৃত্যকে ধৰি। 


প্লে'লিষ্ট: https://www.youtube.com/playlist?list=PL4vERJFk7rif6RIZmszb-aBDOJrXzOWPA

ব’নাছ:
নীলাঞ্জনা (লতা বৰদলৈ) https://www.youtube.com/watch?v=QID7q0fLRzA
হেইয়ানা হেইয়ানা (সুবাসনা দত্ত) https://www.youtube.com/watch?v=LYM8_MksEl4

May 20, 2015 | By: গীতাৰ্থ বৰদলৈ

ইউটিউবৰ কেইটামান অসমীয়া গান




গোটেই ভাৰততে হিন্দী বোলছবি আৰু অ-বোলছবীয় গীতৰ শ্ৰাব্য সঁফুৰাৰ বিক্ৰী লাহে লাহে কমি অহা বুলি ইণ্টাৰনেটত পঢ়িবলৈ পাইছিলোঁ। ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ অনুমান কৰিছোঁ যে অসমত জুবিন, পাপন আৰু বাবুৰ বাহিৰে অন্য গায়ক-গায়িকাৰ শ্ৰাব্য সঁফুৰাই বজাৰত বিশেষ সুবিধা আদায় কৰিব পৰা নাই (অসমীয়া বোলছবিৰ কথা নধৰোঁৱেই)। কেইবছৰমানৰ পাছত চাগে চি ডি-ৰ যুগৰো অন্ত পৰিব। আজিকালি বহুতেই সেইবাবে কোনো ৱেবছাইটৰ পৰা পোনে পোনে MP3 ৰূপত গান কিনিব পৰা ব্যৱস্থা কৰিছে। তথাপিও অসংখ্য ৱেবছাইটত মুক্তিৰ কিছুদিন পাছতেই অসমীয়া শ্ৰাব্য সঁফুৰাৰ গানবোৰে Free download-ৰ চমকা-চমক আখৰেৰে ভুমুকি মাৰে। পাইৰেচীৰ কথা বাৰু বাদ। আজিকালি ন ন গায়ক-গায়িকাই তেওঁলোকৰ সৃষ্টি গৰমে গৰমে ইউটিউবত মুক্তি দিয়াটো বৰ পছন্দ কৰোঁ। সাধাৰণতে বেছিভাগে এটা বা দুটা গান এবাৰত উলিয়ায়। কিছুমানে গোটেই শ্ৰাব্য সঁফুৰাটোৱেই আমাক শুনিবলৈ সুবিধা কৰি দিয়ে। যোৱা কেইমাহমানত ইউটিউবত শুনা কেইটামান গানে মোৰ মন পৰশি গৈছিল। আপোনালোকৰ বহুতেই হয়তো সেইবোৰ শুনিছে। নুশুনাসকলে বিলাহীয়ে দিয়া যন্ত্ৰণাৰ পৰা সকাহ পাবলৈ তলৰ তালিকাৰ গানবোৰ শুনি চাব পাৰে। অশুনাই নহয়, দেখাও পাব!

১) মাhttps://www.youtube.com/watch?v=AU1YWFumNKU
যোৱা বছৰেই মুক্তি দিয়া এই গীতটো মাত্ৰ এবাৰ শুনি মোৰ মন ভৰা নাছিল। লগে লগে ভিডিঅটো ডাউনলড কৰিছিলোঁ আৰু এতিয়াও মাজে-সময়ে শুনি থাকোঁ। অভিনৱ বৰা আৰু শতাব্দী খাটনিয়াৰে প্ৰাণ ঢালি গোৱা গীতটোৱে নিশ্চয় সকলোকে মোহিত কৰিব। গীতৰ কথা আৰু সংগীত অভিনৱৰ। চাওক, শুনক আৰু মালৈ মনত পেলাওক।

২) কলংকিনী মইhttps://www.youtube.com/watch?v=R3jcGbEdGO0
সুনয়না চৰকাৰৰ গান আগতে শুনা নাছিলোঁ যদিও যোৱা বছৰ মুক্তি দিয়া এই গানটোৱে ব্লুজ সংগীতেৰে আমাক এক নতুন সোৱাদ দিছিল। সুনয়না চৰকাৰৰ কণ্ঠ আৰু গায়কী শলাগিবলগীয়া। বাতৰি কাকতৰ টুকুৰাৰে ভৰা ভিডিঅটোও ব্যতিক্ৰম। 

৩) লাহে লাহে গোপনেhttps://www.youtube.com/watch?v=nS9cC39_DIc
দুবছৰ আগতেই মুক্তি দিয়া গানটো মই বহুদিন পাছতহে শুনিবলৈ পালোঁ। এবাৰ শুনি হেঁপাহ নপলাল। এতিয়ালৈকে চাগে এশবাৰমান শুনিলোঁ। পলাশ গগৈৰ সংগীতেৰে সজোৱা গীতটো বৰ্ণালী কলিতাই বৰ সুন্দৰকৈ গাইছে। নিবিৰ স্বপ্নম আৰু জয় কাশ্যপে অভিনয় কৰা ভিডিঅটোও ভাল পাব।
এইটো গীতৰ ৰূপম ভূঞাই গোৱা ভাৰ্চন এটাও আছে। সেইটোৰ সোৱাদো লবলৈ নাপাহৰিব।

৪) বিচাৰি আঁতhttps://www.youtube.com/watch?v=k7vAXX9ZErI
যোৱা মাহত মুক্তি দিয়া ৰূপম ভূঞাৰ এই গীতটো মোৰ শেহতীয়া পছন্দ। গীতটোৰ কথা-সুৰ-সংগীত ইবছন লাল বৰুৱাৰ। বাদ্যযন্ত্ৰৰ নূন্যতম ব্যৱহাৰ হোৱা গীতটো মোৰ বোধেৰে হেডফোন লগাই দুচকু মুদি শুনিবলগীয়া গীত। ভিডিঅটো চায়ো ভাল লাগিল।

৫) লৈ আহিছোঁ কেমেৰাhttps://www.youtube.com/watch?v=_Kd6xlj5Keo
জিলেলে জিলেলেৰ স্ৰষ্টা (?) সীমান্ত শেখৰে সুবাসনা দত্তৰ সৈতে গোৱা এই গীতটো পাছে কোনে লিখিছে নাজানো। শুনি কিন্তু ভাল পালোঁ। সীমান্ত শেখৰ আৰু প্ৰীতি কংগনাই অভিনয় কৰা ভিডিঅটোৰ কাৰিকৰী মান যথেষ্ট উন্নত।

৬) মেঘৰ জলঙাhttps://www.youtube.com/watch?v=oRNHuTzi6ls
অহেতুকবোলছবি চাওঁতে গীতবোৰ ভাল লাগিছিল। তাৰে এটা আছিল পম্পী গগৈয়ে গোৱা মেঘৰ জলঙা। জনজাতীয় সুৰৰ এই গীতটোৰ কথা ইবছন লাল বৰুৱাৰ আৰু সংগীত পৰাণ বৰকটকীৰ। বোলছবিখনৰ সংগীতৰ অলপ সালসলনি কৰি এই ভাৰ্চনটো ইউটিউবত দিয়া হৈছিল।

৭) কিচিম কিচিমhttps://www.youtube.com/watch?v=G66Q3tmS4Js
জিলেলে জিলেৰেৰ অন্য ৰূপ কিচিম কিচিমগীতটোৰ কথা আৰু দেৱজিৎ বৰাৰ গায়কীয়ে নিশ্চয় বহুতকে আকৃষ্ট কৰিছে। উৎপল দাস আৰু অমৃতা গগৈয়ে গাঁৱলীয়া সাজত অভিনয় কৰা ভিডিঅটো চায়ো বেয়া নালাগিল।

৮) সাঁচিপাতৰ সাধুhttps://www.youtube.com/watch?v=hV3r4q6UFSU
গাৰ্গী দত্ত মোৰ বাবে অচিনাকী নাম আছিল। এদিন হঠাৎ ইউটিউবত এই গীতটো পাই শুনিলোঁ আৰু তাৰ পাছত বহুবাৰ শুনিলোঁ। অলকেশ দত্তই লিখা গীতটোৰ কথা আৰু ভূষণ পাঠকৰ সংগীতৰ লগত গাৰ্গী দত্তৰ মিঠা কণ্ঠ খাপ খাই পৰিছে। ভিডিঅটোহে কিবা কৰিবলৈ গৈ কিবা হৈ পৰা যেন লাগিল।

৯) এন্ধাৰেই থওকhttps://www.youtube.com/watch?v=SXjlzVCBduU
আৰ জে মুস্কান নামটোও আগতে শুনা নাই। কিন্তু মন্ত্ৰমুগ্ধানামৰ শ্ৰাব্য সঁফুৰাৰ এই গীতটোৱে মোক মুগ্ধ কৰিলে আৰু মবাইলৰ শুনা নিয়মীয়া গীতৰ তালিকাত স্থান পালে। সুৰীয়া পৰিবেশ সৃষ্টি কৰাত গায়িকাগৰাকীৰ দক্ষতা প্ৰশংসনীয়।

১০) তোমাৰ মৰমে মোৰhttps://www.youtube.com/watch?v=4mMKWVeoQag
জয়ন্ত হাজৰিকাই গোৱা কালজয়ী গীতটো নুশুনা মানুহ নাই। মধুস্মিতাই গোৱা এই ভাৰ্চনটোত অসমীয়া ডেকা সংগীতজ্ঞ অনুৰাগ শইকীয়াই বাঁহী আৰু পিয়ানব্যৱহাৰ কৰি ধীৰ লয়েৰে শ্ৰ্ৰোতাক এক নতুন সোৱাদ দিছে। 

নাচ: অনুৰাগ শইকীয়াই সংগীত সংযোজন কৰা কস্তুৰী বৰুৱাই গোৱা ধেমালিনামৰ এল্‌বামটো শুনিছেনে? নাই শুনা যদি পলম নকৰিব। মোৰ মানত এইটো ২০১৪ চনৰ শ্ৰেষ্ঠ অসমীয়া শ্ৰাব্য সঁফুৰা। ইয়াৰে তিনিটামান গীত দুবছৰমান আগতেই ভিডিঅৰূপত ইউটিউবত মুক্তি দিছিল যদিও এতিয়া গোটেইকেইটা গীতেই পাব।
https://www.youtube.com/watch?v=x-r3O9-DI_I


January 11, 2015 | By: গীতাৰ্থ বৰদলৈ

ছিগা চুলিৰ সতে...



নীৰৱ আবেলি কেতবোৰ ছবি
খণ্ড-বিখণ্ড
কলিজাৰ সেন্দুৰ লগা
লুইতৰ উজানত ভাঁহি আহে যায়
তোমাৰ ছিগা চুলিৰ সতে
এসাগৰ চকুলো বোৱাই৷
সুমথিৰা সেউজ হৃদয় লৈ আজিও মই আছো
সপোনৰ ডিঙা বাই,
উজ্জ্বল দিনৰ অশ্লীলতা সহিব নোৱাৰি
নিজৰ মাজতে লুকাই৷
আচলতে মোক এখন পৃথিৱীৰ প্ৰয়োজন
আপোন মনেৰে সজোৱা,
নাইবা এখন ৰজনীগন্ধা আঁচল
সজীৱ তুলিকাৰে বুলোৱা-
পৰিশোধ কৰিম মই কলিজা কাটি
জোনাকৰ চাদৰত চুক্তিপত্ৰ লেখিম,
উটুৱাই দিম ভৰ লুইতত
তোমাৰ ছিগা চুলিৰ সতে...