December 21, 2015 | By: গীতাৰ্থ বৰদলৈ

২০১৬ বৰ্ষৰ অসমীয়া গান




আমি গান শুনি কিয় ভাল পাওঁ? তাৰ কোনো সুদুত্তৰ নাই। বিজ্ঞানীসকলে মানুহৰ মস্তিষ্কত এটা নিৰ্দিষ্ট "সংগীত কেন্দ্ৰ" বিচাৰি উলিয়াব পৰা নাই। সংগীত আৰু মগজুক লৈ চলা পৰীক্ষা-নিৰীক্ষাত পছন্দৰ গান শুনিলে বিভিন্ন অংশত ড’পামিন নিঃসৰণ, তেজৰ প্ৰবাহ বঢ়া-কমা, কিছু অংশ বেছিকৈ সক্ৰিয় হৈ পৰা আদি তথ্য পোৱা গৈছে। বিজ্ঞানৰ কথা বাদ দিওঁ। কিছুমান গান এবাৰ শুনিলে আৰু শুনিবলৈ মন যায়, মনত থাকি যায় আৰু কিছুমান গানৰ দুশাৰীয়েই আওকাণ কৰিবলৈ যথেষ্ট। এই বছৰ আমি ‘বিলাহী বিলাহী’কে ধৰি কেইটামান “তাঁৰ ছিঙি যোৱা” গান শুনিবলৈ পাই অসমীয়া সংগীত জগতক লৈ সন্দিহান হৈ উঠিছিলোঁ। গীতৰ মন্দা বজাৰৰ কথাটো আছেই। তথাপিও ন-পুৰণি শিল্পীয়ে ন ন সৃষ্টি কৰি আছে আৰু তাৰে কেইটামান গানে ইউটিউবত “ৰিপ্লে” টিপিবলৈ আমাক বাধ্য কৰে। তাতকৈ বছি ভাল লাগিলে ডাউনল’ড! যোৱা মে’ মাহত ইউটিউবত উপলব্ধ ভাল লগা কেইটামান অসমীয়া গানৰ তালিকা এখন কৰিছিলোঁ। বছৰটো শেষ হোৱাৰ আগতেই আৰু এখননো নকৰোঁ কিয়!
 
১) “এনেকৈয়ে লাহে লাহে”
ৰূপম ভূঞাৰ গানটো সোমাওঁ-নোসোমাওঁকৈ তালিকাত সোমাল। যোৱা মাহত ইউটিউবত আপল’ড কৰা ক’লা-বগা ভিডিঅ’টোত ৰূপম ভূঞাই নিজে সুন্দৰ অভিনয় কৰিছে। গায়কীৰ কথা নকলোঁৱেইবা। মোৰ বৰ পচন্দ নোহোৱা গীতৰ কথাক আবেগ ঢলা কণ্ঠই জীপাল কৰি তুলিছে।

২) “দুনিয়া মায়াৰে নৈ”
কেইমাহমান আগতেই ইউটিউবত উপলব্ধ হৈছিল যদিও মোৰ শুনাত অলপ পলম হ’ল! গীতৰ কথা ৰেকিবুলৰ আৰু কণ্ঠ আমাৰ পৰিচিত বাবুৰ। অৰ্থবহ গীতটোৰ দৃশ্যায়নো সুন্দৰ। কেৱল প্ৰথম অংশতে “…ডাক্তৰনী হয়”, “…ডাক্তৰনী বনাব” আদি শব্দত উজুটি খালোঁ। তাৰ পাছত “দুনিয়া মায়াৰে নৈ, সাঁতুৰি সাঁতুৰি গৈ, ভাগৰি তুমি বান্ধৈ, থমকি নৰ’বা ঐ”-ত অৱগাহন কৰক।

৩) “ডাৱৰ হৈ”
বহু বছৰ আগতেই “যায় বাঁহীৰ সুৰে” শুনি সংগীতা কাকতিৰ সুন্দৰ কণ্ঠৰ সৈতে পৰিচিত হৈছিলোঁ। জিতুল যুগৰ পাছত পাছলৈ তেখেতৰ গান শুনা কমি আহিছিল। শেহতীয়াকৈ “ডাৱৰ হৈ আৱৰিছোঁ” গানটোৰে পুনৰ মোক তেখেতৰ অনুৰাগী কৰি তুলিলে। কাৱালীৰ ঠাঁচৰ গীতটোৰ ভিডিঅ’টোও সুন্দৰ। 

৪) “ডাৱৰ গলে”
পৰৱৰ্তী ডাৱৰ মোৰ বাবে অলপ আচৰিত হ’বলগীয়া। ভাগ্য কোঁৱৰক মই “অলস আবেলি”ৰ গীতিকাৰ বুলিহে জানিছিলোঁ। ফেইচবুকৰ চিনাকী মুখ ব্ৰহ্মানন্দ পাটিৰিৰ শব্দৰ বাণে এইবাৰ তেখেতক গায়ক কৰি তুলিলে। গায়ক হিচাপে তেখেতৰ সীমাবদ্ধতা আছে যদিও গীতৰ ছন্দ আৰু ৰাজজ্যোতি কোঁৱৰৰ সংগীত সংযোজন আকৰ্ষণীয়। গীতৰ লগতে অৱশ্যে ভিডিঅ’ কাহিনীতোৰ সংগতি নাই যেন লাগিল।

৫) “পাহাৰে পাহাৰে”
সংগীতৰ ক্ষেত্ৰত অক্লান্তিকা মোৰ বাবে অচিনাকী নাম। কিন্তু অসমীয়া চেনেল এটাত গানটো শুনি ইউটিউবত বিচাৰি আকৌ শুনিবলৈ বাধ্য হ’লোঁ। কথা-সুৰ-সংগীত তেখেতৰে। জনজাতীয় সুৰৰ চাপ থকা গীতটোৰ নূন্যতম আয়োজনৰ ভিডিঅ’টোও চাই ভাল পালোঁ। তেখেতৰ পাছৰ গীতটোলৈ বাট চালোঁ।

৬) “এই পুৱতি”
আকৌ এগৰাকী অচিনাকী গায়িকা- মণিকংকনা বৰুৱা (অসমীয়া সংগীতৰ লগত জড়িত ব্যক্তিৰ বিষয়ে মোৰ জ্ঞান পিছে তেনেই সীমাবদ্ধ)। গীতিকাৰজন পাছে চিনাকী ইবছন লাল বৰুৱা। সুৰ আৰু সংগীতো তেখেতৰেই। ইলেক্ট্ৰনিকা শৈলীৰ সংগীত বেয়া পোৱা বুলি নকওঁ, কিন্তু অলপ “মিহি” সংগীত সংযোজনাও বেয়া নালাগিব চাগে।

৭) “লাহি হালি জালি”
লোকসংগীত আৰু আধুনিক সংগীতৰ মিশ্ৰণেৰে ৰাজশ্ৰী শইকীয়া কণ্ঠৰ এটি সুন্দৰ গীত। চাহ বাগিছাৰ পৰিবেশত দৃশ্যায়ন কৰা ভিডিঅ’টোও সুন্দৰ। এতিয়ালৈকে কেইবাবাৰো গানটো শুনিলোঁ। গায়িকাগৰাকীৰ পৰৱৰ্তী নিবেদনলৈ বাট চাম।

৮) “মুক্তি”
কল্পনা পাটোৱাৰী আৰু পাপন! কল্পনা পাটোৱাৰীৰ ‘মণিকূট’ নামৰ শ্ৰাব্য সঁফুৰাৰ এই গীতটো প্ৰথমে হোৱাটছএপ্ আৰু তাৰ পাছত ইউটিউবত শুনাৰ সৌভাগ্য হ’ল। শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি নামঘোষাৰ প্ৰথমটো ঘোষা “মুক্তিত নিস্পৃহ যিটো” গায়ক দুগৰাকীৰ কণ্ঠত নতুন ৰূপত প্ৰাণ পাই উঠিছে। ক্ল’জ আপ, স্ল’ মোছন আদিৰ বুদ্ধিদীপ্ত প্ৰয়োগেৰে মাজুলীত দৃশ্যায়ন কৰা ভিডিঅ’টো চাবলগীয়া।

৯) “ৰঙাচিলা”
তালিকাখনৰ একেবাৰে শেহতীয়া ভিডিঅ’ এইটো গীতৰে। মোৰ অন্যতম প্ৰিয় শিল্পী মনজ্যোৎস্না মহন্তৰ কণ্ঠ আৰু কাজলৰ কথাৰ গীতটোৱে প্ৰথমবাৰতে আকৃষ্ট কৰিলে। এইটোৰ আন্‌প্লাগ্‌ড ভাৰ্ছন এটা অলপ দিন আগতে ইউটিউবত চাইছিলোঁ। কিন্তু এইবাৰ জনজাতীয় সংগীতৰ সংযোজনৰ গীতটো ডাউনল’ড কৰাত পলম নকৰিলোঁ। হাই এংগল, ল’ এংগল শ্বট আদিৰে ভিডিঅ’টোত কেমেৰাৰ কাম অপূৰ্ব।

১০) “এছাটি বতাহে”
শ্ৰাৱণী বৰুৱাৰ গানো আগতে শুনা নাই। কিন্তু তালিকাখনত এইটো গানেই আটাইতকৈ বেছিবাৰ শুনিছোঁ। গীতটোৱে নব্বৈৰ দশকৰ বলিউডী সংগীতলৈ কিয় মনত পেলালে ক’ব নোৱাৰোঁ। অনুপ জ্যোতি চৌধুৰীৰ কথা আৰু জয়ন্ত দাসৰ সংগীতত গায়িকাই সুৰৰ মায়াজালৰ সৃষ্টি কৰিলে। ভিডিঅ’টোও সুন্দৰ- মেঘৰঞ্জনী আৰু তেখেতৰ কথক নৃত্যকে ধৰি। 


প্লে'লিষ্ট: https://www.youtube.com/playlist?list=PL4vERJFk7rif6RIZmszb-aBDOJrXzOWPA

ব’নাছ:
নীলাঞ্জনা (লতা বৰদলৈ) https://www.youtube.com/watch?v=QID7q0fLRzA
হেইয়ানা হেইয়ানা (সুবাসনা দত্ত) https://www.youtube.com/watch?v=LYM8_MksEl4